ETV Bharat / state

VIDEO: ৰাজ্যৰ বানৰ শেহতীয়া দৃশ্য

শেহতীয়া বান পৰিস্থিতিৰ সৱিশেষ তথ্যৰে Etv Bharatৰ এক প্ৰতিবেদন ৷

VIDEO: ৰাজ্যৰ বানৰ শেহতীয়া দৃশ্য
author img

By

Published : Aug 1, 2019, 9:34 PM IST

যোৰহাটঃ ভোগদৈ আৰ্শীবাদ নহয় এতিয়া উত্তৰ পাৰৰ ৰাইজৰ চকুৰপানী ।বিগত আঢ়ৈ মাহে এইদৰেই বাঢ়নী পানীৰ লগত সহবাস কৰিছে ৰাইজে । দেৰগাঁৱ সমষ্টিৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী পাৰিলে এবাৰ মন কৰক ৷ পকী পথৰে আহি আঢ়ৈ মাহত দুবাৰহে বানাক্ৰান্তৰ খবৰ লোৱা বিধায়ক ডাঙৰীয়াই এবাৰ ভিতৰুৱা গাঁও সমুহলৈ গৈ এবাৰ পৰ্যবেক্ষণ কৰক। ভোগদৈৰ ছিঙা অংশ এতিয়া জলসম্পদ বিভাগৰ বাবে যেন সোণৰ কণী পৰা হাঁহহে। বাঁহৰ পাৰ্কুপাইন, অস্থায়ী জিঅ'বেগ পেলোৱাৰ নামত শৰাধ কৰিছে ৰাজভঁৰালৰ ধন, কিন্তু ৰোধিব পৰা নাই ভোগদৈক।

ৰাজ্যৰ বানৰ শেহতীয়া দৃশ্য

নাৰায়ণপুৰঃ 'হয় সাহাৰ্য দিয়ক নহ’লে মাৰি পেলাওক৷' নাৰায়ণপুৰত চেঁচানৈয়ে পুনৰ প্লাৱিত কৰা ফুটাভোগ ৰঙাজান গাঁৱৰ বন্যাৰ্তৰ চৰকাৰৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদী আহ্বান৷ নৈখনৰ উন্মুক্ত মথাউৰিৰে সোমোৱা পানীত বুৰ গৈছে গাওঁখনৰ শতাধিক পৰিয়াল ৷ বিগত দিনত পানী কমিছিল যদিও কালিৰে পৰা পুৃনৰ বানে ভয়াবহ ৰূপ ধাৰণ কৰিছে৷ চৰকাৰী সাহাৰ্যৰ পৰাও বঞ্চিত গাওঁখনৰ বাসিন্দাসকল ৷

ৰাজ্যৰ বানৰ শেহতীয়া দৃশ্য

ৰঙাপৰাঃ ৰাঙাপাৰ মোলানগাঁৱত জৰাসৰ নদীৰ বাঢ়নি পানীয়ে উটুৱাই নিলে বাঁহৰ দলং৷ শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ মোলানগাঁৱত জৰাসৰ নদীৰ বাঢ়নি পানীয়ে নৈখনৰ ওপৰত ৰাইজে সাজি লোৱা বাঁহৰ দলংখনৰ এটা অংশ নিশা উটুৱাই লৈ যায় । যাৰ ফলত মোলানগাঁও আৰু ৰঙাপৰাৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে।

ৰাজ্যৰ বানৰ শেহতীয়া দৃশ্য

ধেমাজিঃ ধেমাজিত আগষ্ট মাহটো বানপানীৰ বাবে বহু বিদ্যালয় বন্ধ হোৱাৰ সম্ভাৱনা ৷ গ্ৰীষ্মকালীন বন্ধ অন্ত পৰিল যদিও ধেমাজিত জীয়াঢলৰ পাৰ্শ্বৱৰ্তী বানাক্ৰান্ত অঞ্চলৰ বহু বিদ্যালয়ত বন্ধ খোলাৰ পহিলাৰ দিনটোত আৰম্ভ নহল পাঠদান ৷ কিয়নো পানী ক্ৰমাৎ কমিবলৈ আৰম্ভ কৰিছিল যদিও যোৱা কেবাদিন ধৰি হোৱা প্ৰৱল বৰষুণৰ ফলত পুনৰ জীয়াঢলৰ বাঢ়নী পানীত ন ন অঞ্চল জলমগ্ন হ'ব ধৰিছে ৷

ৰাজ্যৰ বানৰ শেহতীয়া দৃশ্য

জনীয়াঃ পুনৰ বিপদ সীমাৰ ওপৰেৰে বৈছে বেকী নৈ ৷ কলগাছিয়াৰ খাটাকুচি গাঁৱৰ গড়কাপ্তানী পথৰ ওপৰেৰে বৈছে বাঢ়নী পানী। কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বেঁকী নদীৰ বাঢ়নী পানীয়ে পুনৰ ২০ খনৰো অধিক গাওঁ প্লাৱিত কৰিছে। মানুহৰ ঘৰ-দুৱাৰত পানী হোৱাত পুনৰ আশ্ৰয় শিবিৰলৈ ঢাপলি মেলিব ধৰিছে। চৰকাৰৰ ফালৰ পৰা এবাৰ মাত্ৰ সাহাৰ্য বিতৰণ কৰিছিল যদিও সেইখিনি পৰ্যাপ্ত নহয় ৷

Intro:ভোগদৈ এতিয়া আৰ্শীবাদ নহয় চকুৰ পানীহে।।আঢ়ৈ মাহে পানীৰ সৈতে সহবাস কৰি জলস্বৰহৈ পৰিছে বানাক্ৰান্ত।।Body:ৰাজ্যৰ প্ৰথম টো বান আহিছিল যোৰহাট জিলাত।যোৱা ২২ মে'ত।অৰ্থাৎ জেঠতে ভোগদৈৰ বানে ধোৱা উত্তৰ পশ্চিম যোৰহাট বাসীয়ে বাৰুকৈয়ে ভুগিছে ভোগদৈৰ পানীৰ কুপদৃষ্টিৰ।আজি আপোনাক দেখোৱাবলৈ চেষ্টা কৰিছো উত্তৰ পশ্চিম যোৰহাটৰ মালৌখাতৰ ভিতৰুৱা গাৱৰ দৃশ্য।এইয়াই হল আজিৰ দৃশ্য।ভোগদৈৰ আৰ্শীবাদ নহয় এতিয়া চকুৰ পানীলৈ পৰিবৰ্তন ঘটিছে।বিগত আঢ়ৈ মাহে এইদৰেই বাঢ়নী পানীৰ লগত সহবাস।যেন জলস্বৰ জীৱ হে।দেৰগাঁৱ সমষ্টিৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী আপোনাৰ সমষ্টিৰ ভোটাৰ ৰাইজৰ অৱস্থা মন কৰক।পকী পথৰে আহি আঢ়ৈ মাহত দুবাৰ সময় পোৱা আপোনাৰ যদি সময় আছে এবাৰ ভিতৰুৱা গাৱ বোৰলৈ কলৰ ভুৰত উঠি পৰ্যবেক্ষণ কৰক।আপোন ঘৰ খনৰ ভিতৰত এতিয়া নিশা টো দুৰৰৈ কথা দিনটো থাকিব নোৱাৰা অৱস্থা।পথেই ভৰষা এই সকল বানাক্ৰান্ত লোকৰ।
উল্লেখযোগ্য যে ভোগদৈৰ ছিঙা অংশ এতিয়া জলসম্পদ বিভাগৰ বাবে যেন সোনৰ কণী পৰা হাহহে।বাহৰ পাৰ্কুপাইন,অস্হায়ী জিঅ'বেগ পেলোৱাৰ নামত শৰাধ কৰিছে ৰাজভৰালৰ ধন।কিন্তু ৰোধীব পৰা নাই ভোগদৈক।আৰু কিমান দিনলৈকে এইসকল বানাক্ৰান্তৰ জীৱনক লৈ হেতালি খেলিৱ জলসম্পদ বিভাগে।Conclusion:একমাত্ৰ ভগৱানৰ কৃপাৰ বাহিৰে আন একো নোহোৱা উত্তৰ পশ্চিম যোৰহাটৰ বৃহত্তৰ অঞ্চলৰ বানাক্ৰান্ত হেৰুৱাবলৈ একো নাই।খেতি পথাৰ সকলো এতিয়া সপোন।পৰিবৰ্তন কামী চৰকাৰৰ লোকৰ সচাকৈ পৰিবৰ্তন ঘটিল।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.