যোৰহাট, 4 জুনঃ ভোগদৈ নদীৰ মাথাউৰিৰ কামত চৰম গাফিলতিৰ অভিযোগ স্থানীয় ৰাইজৰ৷ জলসম্পদ বিভাগৰ গাফিলতিৰ বাবেই বিঘা বিঘা কৃষিভূমি বৰ্তমান বানৰ কবলত৷ প্ৰায় ১২০ মিটাৰ দৈৰ্ঘ্যৰ ছিঙি যোৱা অংশৰে অহৰহ বাঢ়নী পানী সোমাই জনসাধাৰণৰ ব্যাপক ক্ষতি কৰাৰ বুলি জানিবলৈ দিয়ে যোৰহাটৰ মালৌখাতবাসীয়ে৷
আনহাতে নৈখনৰ মথাউৰিক গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ দৰকাৰ ১২ ফুট পৰ্যপ্ত বাহৰ বুৰুজৰ৷ কিন্তু বিভাগটোৱে বনাই উলিওৱা বাহৰ বুৰুজৰে ভোগদৈ নদীৰ মথাউৰি বান্ধিবলৈ কৰা মিথ্যা প্ৰচেষ্টাই জনসাধাৰণক চিন্তিত কৰি তুলিছে ৷ কাৰণ বিভাগীয় কতৃপক্ষৰ নিৰ্দেশনা কোনো কামেই কৰা নাই বিভাগীয় ঠিকাদাৰে৷ দুৰ্নীতিৰ আশ্ৰয় লৈ গৰাখহনীয়াৰ ৰোধৰ বাবে নিৰ্মাণ কৰি উলিওৱা বাহৰ বুৰুজখন তেনেই থুনুকা বুলি অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে । সেয়ে সোমবাৰে যোৰহাট জিলা প্ৰশাসন তথা জলসম্পদ বিভাগক মথাউৰিটো অতি শীঘ্ৰে নিৰ্মাণ কৰি দিবলৈ আহ্বান জনায় স্থানীয় ৰাইজে৷