ETV Bharat / state

Mini Arunachal in Assam : আহকচোন যাওঁ মিনি অৰুণাচলৰ দিশে...

author img

By

Published : Apr 22, 2023, 7:03 PM IST

আপুনি বাৰু শুনিছেনে মিনি অৰুণাচলৰ কথা ? এই মিনি অৰুণাচলখন অসমে ঘূৰাই পোৱাৰ দিশে গতি কৰিছে (Mini Arunachal in Assam) ৷ আহকচোন জানো এই মিনি অৰুণাচলৰ বিষয়ে...

Arunachal govt will return mini Arunachal to Assam
যোৰহাটৰ মিনি অৰুণাচল ঘূৰাই পাব অসমে
যোৰহাটৰ মিনি অৰুণাচল ঘূৰাই পাব অসমে

যোৰহাট, 22 এপ্ৰিল : পাতলীয়া বসতিপূৰ্ণ অসমৰ এখন বিশেষ ঠাই ৷ ঘন অৰণ্য তথা প্ৰাকৃতিক সৌন্দৰ্যৰে মনোমোহা এই ঠাইখনত আজিও আছে অৰুণাচল চৰকাৰৰ এটা কাৰ্যালয় ৷ লগতে আছে কাৰ্যালয়টোৰ কোৱাৰ্টাসমূহ ৷ ইয়াৰ উপৰিও আজিও গেৰেজত আছে অৰুণাচল চৰকাৰে এসময়ত ব্যৱহাৰ কৰা বিভিন্ন বাহনসমূহ ৷

হয়, আমি ক’বলৈ লোৱা এই ঠাইখন আছে যোৰহাটত ৷ এই ঠাইখনক মিনি অৰুণাচল বুলি কোৱা হয় ৷ যোৰহাটৰ সীমান্তত অৱস্থিত এই মিনি অৰুণাচলখন প্ৰকৃততে অসম চৰকাৰৰ নহয় ৷ এইখন অৰুণাচল চৰকাৰৰহে অংশ ৷ অৱশ্যে এই মিনি অৰুণাচলখন অসমে ঘূৰাই পোৱাৰ দিশে গতি কৰিছে (Mini Arunachal in Assam) ৷

কিছুদিন পূৰ্বে অসম আৰু অৰুণাচল চৰকাৰৰ মাজত হোৱা সীমা চুক্তি অনুসৰি অৰুণাচল চৰকাৰে অসমক ঘূৰাই দিব যোৰহাট সীমান্তৰ প্ৰায় 100 বিঘা ভূমি ৷ ইয়াৰে ভিতৰত আছে মিনি অৰুণাচলখনৰো নাম (Arunachal govt will return mini Arunachal to Assam)৷

উল্লেখ্য যে, অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত চলি অহা দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধান হোৱাৰ পথত গতি কৰিছে । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত ঐতিহাসিক বুজাবুজি চুক্তিখন সম্পন্ন কৰা হৈছে (MoU singed on Assam Arunachal border issue) । সেই মৰ্মে বহু বিবদমান এলেকাক লৈ সৃষ্টি হৈ অহা বিতৰ্কৰ অন্ত পৰিব বুলি আশা কৰা হৈছে । এই চুক্তিৰ আধাৰতে ইখন ৰাজ্যই আনখনক ৰাজ্যক বহু ক্ষেত্ৰত ভূমি বিনিময় কৰিছে বা ইখন সিখনক ভূমি এৰি দিছে ।

লগতে পঢ়ক : Sign MoU on border dispute; বুজাবুজি চুক্তি স্বাক্ষৰ কৰাটো এক মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ’ব; ড৹ শৰ্মা

সেই মৰ্মে যোৰহাটৰ ৰৰৈয়া অঞ্চলত থকা অৰুণাচল প্ৰদেশৰ প্ৰায় 100 বিঘা ভূমি অসম চৰকাৰক এৰি দিবলৈ সন্মত হৈছে অৰুণাচল প্ৰদেশ চৰকাৰ । জানিব পৰা মতে, এই অঞ্চলটোক নেফা গেট বুলি কোৱা হয় ৷ যাক বহুতে মিনি অৰুণাচল প্ৰদেশ বুলিও কয় (MoU signed by Assam CM and Arunachal CM) ।

1952 চনত অৰুণাচল প্ৰদেশ চৰকাৰে এই অঞ্চলত স্থাপন কৰিছিল তেওঁলোকৰ অসামৰিক যোগান বিভাগৰ বৃহৎ কাৰ্যলয়, গুদাম ঘৰ আৰু আবাসিক এলেকা । যোৰহাট বায়ু সেনাৰ বিমান ঘাটিৰ কাষতে স্থাপন কৰা এই কাৰ্যালয়ৰ জৰিয়তে বায়ু সেনাৰ বিমানেৰে অৰুণাচলৰ দুৰ্গম অঞ্চললৈ যোগান ধৰা হৈছিল খাদ্য সামগ্ৰী ।

শেহতীয়াকৈ সম্পন্ন এই চুক্তিৰ জৰিয়তে অসমে ঘূৰাই পাব লগীয়া এই বৃহৎ ভূমিক অসম চৰকাৰে লগাব পাৰিব বহু উন্নয়মূলক কামত । চৰকাৰী ভূমিৰ অভাৱৰ বাবে বহু কাম কৰাত অসুবিধা সন্মুখীন হোৱা যোৰহাট প্ৰশাসনে এই ভূমিত ইচ্ছা কৰিলে সম্ভৱনাপূৰ্ণ প্ৰকল্প গঢ়ি তুলিব পাৰিব ।

লগতে পঢ়ক : Assam arunachal border dispute : সীমা সমস্যা নিষ্পত্তিৰ বাবে চুক্তিত স্বাক্ষৰ অসম আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.