ETV Bharat / state

Bihu Distortion in G20 : বিহু নৃত্যৰ বিকৃতকৰণ; ক্ষোভত ফাটি পৰিল জয়ন্ত নাথ আৰু প্ৰসেনজিৎ লাহন

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 4:20 PM IST

বিহু নৃত্যৰ চৰম বিকৃতকৰণক লৈ ক্ষোভত ফাটি পৰিছে সংগীত পৰিচালক, বোলছবি প্ৰয়োজক জয়ন্ত নাথ আৰু সংগীত পৰিচালক তথা কন্ঠশিল্পী প্ৰসেনজিত লাহন ৷ এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগে বিহীত ব্যৱস্থা আৰু পদক্ষেপ গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজনীয় বুলি মন্তব্য কৰে তেওঁলোকে ৷

Bihu Distortion in G20 Summit
বিহু নৃত্যৰ চৰম বিকৃতকৰণ
বিহু নৃত্যৰ বিকৃতকৰণক লৈ প্ৰতিক্ৰিয়া

যোৰহাট, 9 ছেপ্টেম্বৰ : শ শ কোটি টকা খৰচ কৰি বাপতি সাহোন বিহুটিক গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত প্ৰতিষ্ঠা কৰা হ’ল ৷ কিন্তু ইয়াৰ কিছুদিন পাছতেই এতিয়া বাপতি সাহোন বিহুক পুনৰ এবাৰ অপমান কৰা হ’ল ৷ বিশ্ব সম্প্ৰদায়ৰ সন্মুখত বিহু নৃত্যৰ চৰম বিকৃতকৰণ ৷

G-20 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ অহা বিট্ৰেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকৰ সন্মুখত বিহুক প্ৰদৰ্শন কৰা হ’ল অতি বিকৃত ৰূপত ৷ ইয়াক লৈ ক্ষোভত ফাটি পৰিছে ৰাজ্যৰ শিল্পী সমাজ, তথা সচেতন ৰাইজ ৷ বিহু নৃত্যৰ বিকৃতকৰণক লৈ সংগীত পৰিচালক, বোলছবি প্ৰয়োজক জয়ন্ত নাথ আৰু সংগীত পৰিচালক তথা কন্ঠশিল্পী প্ৰসেনজিত লাহন ক্ষোভত ফাটি পৰিছে ৷

এই সন্দৰ্ভত সংগীত পৰিচালক আৰু বোলছবি প্ৰয়োজক জয়ন্ত নাথে কয় যে বিহু নৃত্যৰ বিকৃতকৰণ বহুবাৰ হৈ গৈছে, এই বিষয়ত কবলৈ লাজ লাগে ৷ বিভিন্ন অনুষ্ঠান আৰু প্ৰতিষ্ঠানত বিহুক প্ৰতেক্যবাৰে বিকৃতকৰণ কৰি আহিছে ৷ যি সকল ইভেন্ট মেনেজমেণ্টৰ সৈতে জড়িত আছিল সেই সকলৰ বাবে এনে হৈছে ৷ কাৰণ তেওঁলোকে অসমৰ পৰা শিল্পী নিবলৈ অনীহা প্ৰকাশ কৰে ৷ এই কাৰ্যত জড়িত সকল অনা অসমীয়া ৷ অসমীয়া মানুহক দিয়া হ’লে বিহুৰ বিকৃতকৰণ নহ’লহেতেন বুলি মত প্ৰকাশ কৰে তেওঁ ৷

সংগীত পৰিচালক তথা বোলছবি প্ৰয়োজক জয়ন্ত নাথে পুনৰ কয় যে জি-20 সন্মিলনলত অংশগ্ৰহণ কৰা আন্তঃৰাষ্ট্ৰীয় নেতাক আদৰণি জনাবলৈ বিহুৱে স্থান পোৱাটোক আদৰণি জনাইছো ৷ কিন্ত এইধৰণে উপস্থাপন কৰি বিহুক চৰম অপমান কৰাটো কেতিয়াও নিবিচাৰো ৷ কাৰণ 11 হাজাৰ বিহুৱতী-বিহুৱাই একেলগে নাচি বিহুক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিছে ৷ কিন্ত কিয় অসমৰ পৰা 10 গৰকী নাচনী নিয়া নহ’ল ৷ এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগে বিহীত ব্যৱস্থা আৰু পদক্ষেপ গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজনীয় বুলি কয় তেওঁ ৷

আনহাতে সংগীত পৰিচালক আৰু কন্ঠশিল্পী প্ৰসেনজিৎ লাহনে কয় যে আজিৰ পৰা কেইমাহমান আগতে 11 হাজাৰ বিহুৱতী আৰু বিহুৱাক লৈ অসমৰ বিহুৱে বিশ্ব অভিলেখ গঢ়িছিল ৷ কিন্তু কেইদিনমান পিছত অৰ্থাৎ শুকুৰবাৰে অদ্ভুত আৰু আচৰিত বিহু নৃত্য প্ৰদৰ্শন কৰিলে ৷ এইয়া কেতিয়াও বিহু নৃত্য হ'ব নোৱাৰে ৷ এই কাৰ্যই আমাক বহুত লাজ দিছে ৷ 11 হাজাৰ নাচনী-বিহুৱাৰ ভিতৰত 10-12 গৰাকীক লৈ পৰম্পৰাগত বিহু প্ৰদৰ্শন কৰিব পাৰিলেহেঁতেন ৷ বিহু কোনে বিকৃত কৰিলে সেয়া অনুসন্ধান কৰাটো প্ৰয়োজন আৰু ভৱিষ্যতে যাতে কোনোৱে এনেকুৱা কাম কৰিব নোৱাৰে তাৰ বাবে অসম চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজন বুলি উল্লেখ কৰে তেওঁ ৷

লগতে পঢ়ক : Bihu Distortion in G20: বিহু নৃত্যৰ বিকৃতকৰণ; মুখ্যমন্ত্ৰীৰ দায়সৰা মন্তব্যৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.