ETV Bharat / state

Bhaona viral video : ভাওনাত সুৰাৰ বটল ব্যৱহাৰ কৰা ভাৱৰীয়াই বিচাৰিলে ক্ষমা - ভাওনাত সুৰাৰ বটল ব্যৱহাৰ

অৱশেষত ৰাইজৰ ওচৰত ক্ষমা বিচাৰিলে ভাওনাত সুৰাৰ বটল ব্যৱহাৰ কৰা শিল্পীসকলে (Bhaona artist apologizes)। টীয়কৰ এখন ভাওনাত সুৰাপানৰ দৃশ্যত মদৰ বটল ব্যৱহাৰ কৰা হৈছিল । ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়া হৈছিল ।

Bhaona viral video
ভাওনাত সুৰাৰ বটল ব্যৱহাৰ কৰা ভাৱৰীয়াই বিচাৰিলে ক্ষমা
author img

By

Published : Mar 28, 2023, 1:46 PM IST

ভাওনাত সুৰাৰ বটল ব্যৱহাৰ কৰা ভাৱৰীয়াই বিচাৰিলে ক্ষমা

টীয়ক,২৮ মাৰ্চ : সম্প্ৰতি ভাওনাৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে (Bhaona viral video)। ভাওনা প্ৰদৰ্শনৰ মাজতে এটা দৃশ্যত সুৰাৰ বটল দেখুওৱা হৈছে । এই ভিডিঅ'টো ভাইৰেল হৈ পৰাৰ পাছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ভাওনাৰ বিশেষ দৃশ্যত সুৰাপান কৰাৰ নামত সুৰাৰ বটল ব্যৱহাৰ কৰাক লৈ বহুতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

ভাওনাৰ স্বকীয়তা আৰু মৰ্যাদা হানি হোৱাৰ অভিযোগ তুলি বহুতে সমালোচনা কৰিছে (Wine bottle in Bhaona)। গুৰুজনাৰ অমৰ সৃষ্টিক বিকৃত কৰাৰো অভিযোগ কৰিছে একাংশ লোকে । এনেবোৰ চৰ্চা চলি থকাৰ মাজতে ভাওনাখনৰ ভাৱৰীয়াসকলে ক্ষমা বিচাৰিছে ।

উল্লেখ্য যে এই ঘটনাটো আছিল ২৫ মাৰ্চৰ । যোৰহাট জিলাৰ টীয়কৰ এঘৰত ভাওনা প্ৰদৰ্শন কৰা হৈছিল । ভাওনাখনত সুৰাপানৰ এক দৃশ্য আছিল । কিন্তু সুৰাপানৰ দৃশ্যটোত ভাৱৰীয়াসকলে এটা সুৰাৰ বটল ব্যৱহাৰ কৰিছিল (Wine bottle used in Bhaona)। ভাৱৰীয়াসকলে ভুল স্বীকাৰ কৰি কয় যে তেওঁলোকে সুৰাৰ বটল ব্যৱহাৰ কৰিব নালাগিছিল । অসাৱধানতাৰ বাবে তেওঁলোকে এয়া কৰিলে । কিন্তু প্ৰকৃততে তেওঁলোকে চাহ হে সেৱন কৰিছিল ।

ইতিমধ্যে গৃহস্থ তথা ভগৱানৰ চৰণত সেৱা লৈ ভাৱৰীয়া কেইজনে ক্ষমা বিচাৰিছে (Bhaona artist apologizes)। ভাৱৰীয়া কেইজনে জনোৱা মতে মহাপুৰুষৰ ভাওনাক লৈ এনে কৰাতো তেওঁলোকৰ সপোনৰ অগোচৰ । তেওঁলোকে উক্ত দিনা লঘোনে থাকি সন্ধিয়া নীতি-নিয়মেৰে ভাওনাত আৰম্ভ কৰিছিল । অৱশ্য সুৰাৰ দৃশ্যটো অধিক মনোগ্ৰাহী কৰাৰ অৰ্থে সুৰাপান কৰাৰ নামত ভুলবশতঃ মদৰ বটলত ৰঙা চাহ সোমোৱাই অভিনয় জীৱন্ত কৰিবলৈ চেষ্টা কৰিছিল ।

যিটো সম্পূৰ্ণ তেওঁলোকৰ অজ্ঞাতে হৈছিল আৰু ইয়াক সহ্য কৰিব নোৱাৰি ইতিমধ্যে নিজৰ দোষ স্বীকাৰ কৰি সকলোৰে আগত ক্ষমা বিচাৰিছে ভাৱৰীয়াসকলে । আনহাতে আগলৈ যাতে কোনেও অভিনয়ৰ নামত এনে ভুল নকৰে তাৰ প্ৰতিও সকলোকে আহ্বান জনাইছে । এই বিতৰ্ক ইমানতে সামৰি ঘটনাৰ সৈতে জড়িত সকলক ক্ষমা কৰিবলৈ সমূহ অসমবাসীক অনুৰোধ জনাইছে ভাৱৰীয়াসকলে ।

লগতে পঢ়ক :Assam Gamosa Controversy : গামোচা বিতৰ্কত দুখ প্ৰকাশ বাংলা সাহিত্য সভাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.