যোৰহাট, 22 জুলাই: ৰাজ্যজুৰি অব্যাহত আছে কংগ্ৰেছৰ প্ৰতিবাদ ৷ বৃহস্পতিবাৰে EDৰ কাৰ্যালয়ত কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধীক তলব কৰাৰ (ED question to Sonia Gandhi) বিৰুদ্ধে ৰাজ্যজুৰি অসম প্ৰদেশ কংগ্ৰেছ দলে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী (APCC protest against ED summons to Sonia Gandhi) ।
নেচনেল হেৰল্ড গোচৰত ছোনিয়া গান্ধীক জেৰা কৰা বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী কংগ্ৰেছৰ ৷ কংগ্ৰেছৰ আভিযোগ ই ডি দৰে প্ৰতিষ্ঠানৰ যোগেদি জেৰা কৰি নিকা ভাৱমুৰ্তি হেয় কৰাৰ চেষ্টা বিজেপিৰ ৷ নেচনেল হেৰল্ড গোচৰত ৰাহুল গান্ধীৰ পিছতে বিধি বলৱৎকাৰী সঞ্চালকায়ৰ জেৰাৰ (ED) সন্মুখীন হয় কংগ্ৰেছ সভাপতি ছোনিয়া গান্ধী ।
উক্ত গোচৰত তিনিবাৰ চমন জাৰি কৰাৰ পাছত ইডিৰ কাৰ্য্যলয়ত উপস্থিত হোৱাৰ পাছত তিনি ঘন্টা জেৰা কৰা হয় ছোনিয়া গান্ধীক। আজি যোৰহাটত অসম প্ৰদেশ কংগ্ৰেছ দলে কংগ্ৰেছৰ কাৰ্য্যলয়ৰ পৰা আৰম্ভ কৰি জিলা উপায়ুক্ত কাৰ্য্যলয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ ফেষ্টুন লৈ সাব্যস্ত কৰে প্ৰতিবাদ (APCC protest in Jorhat) ৷
লগতে পঢ়ক: APCC protest in Guwahati: EDৰ কাৰ্যালয়ত ছোনিয়া গান্ধীক তলব কৰাৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ