ETV Bharat / state

বেংগালুৰুৰ IFH ৰাষ্ট্ৰীয় চুটি ছবি প্ৰতিযোগিতালৈ অনীহাৰ ৯ টা শিতানত মনোনয়ন লাভ - N J Production

পুনৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিল আন এখন অসমীয়া ছবি ৷ বেংগালুৰুত অনুষ্ঠিত ইণ্ডিয়ান ফিল্ম হাউছ(IFH)ৰ ৰাষ্ট্ৰীয় চুটি ছবি প্ৰতিযোগিতাৰ কেইবাটাও শিতানত মনোনয়ন লাভ কৰিছে অসমীয়া চুটি ছবি অনীহাই ৷ ইতিমধ্যে ৰামেশ্বৰম আন্তৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছে অনীহাৰ পৰিচালকে ৷

aniha-nominated-for-national-short-film-festival
ৰাষ্ট্ৰীয় চুটি ছবি প্ৰতিযোগিতালৈ মনোনীত "অনীহা"
author img

By

Published : Oct 2, 2021, 8:56 AM IST

যোৰহাট, 2 অক্টোবৰ : বেংগালুৰুৰ ইণ্ডিয়ান ফিল্ম হাউছ (IFH)ৰ ৰাষ্ট্ৰীয় চুটি ছবি প্ৰতিযোগিতাত মনোনয়ন লাভ কৰিছে অসমীয়া ছবি অনীহাই ৷ চুটি ছবি প্ৰতিযোগিতাখনৰ মুঠ ২৩ টা শিতানৰ ৯ টা শিতানত মনোনয়ন লাভ কৰিছে যোৰহাটৰ N J Production ৰ বেনাৰত নয়নজ্যোতি শৰ্মাৰ প্ৰযোজনাত নিৰ্মাণ হোৱা চুটি ছবি অনীহাই ।

aniha-nominated-for-national-short-film-festival
ৰাষ্ট্ৰীয় চুটি ছবি প্ৰতিযোগিতালৈ মনোনীত "অনীহা"

অনীহাই মনোনয়ন লাভ কৰা শিতানসমূহ হৈছে Best Social Awareness Film, Best Actor, Best Direction, Best Cinematography, Best Editing, Best IFH Film(Special category), Best Story, Best Supporting role Female আৰু Best Screenplay.

প্ৰযোজক নয়নজ্যোতি শৰ্মাই জনোৱা মতে, ৬ নৱেম্বৰৰ পৰা ৮ নৱেম্বৰলৈ বেংগালুৰুত অনুষ্ঠিত হ’ব এই মহোৎসৱ ৷ ৭ নৱেম্বৰৰ Chowdiah Memorial হলত ৰেড কাৰ্পেটৰ মূল এৱাৰ্ড অনুষ্ঠান অনুষ্ঠিত হ’ব । ইয়াৰ বাবে প্ৰযোজকগৰাকীয়ে ইতিমধ্যে অংশগ্ৰহণ বাবে বিশেষ নিমন্ত্ৰণ লাভ কৰিছে । মুঠ ২৩ খন ৰাজ্যৰ ১০ টা ভাষাৰ ১০০০ খন চুটি ছবিৰ পৰা শ্ৰেষ্ঠ ২৫০ খন ছবি বিচাৰকসকলে নিৰ্বাচিত কৰিছে ।

অনীহাই ইতিমধ্যে কেইবাখনো ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সন্মান বুটলিবলৈ সক্ষম হৈছে । চলিত বৰ্ষৰ ৫ জুনত বিশ্ব পৰিৱেশ দিৱসৰ দিনা মুক্তি পোৱা ছবিখনৰ কাহিনী আৰু পৰিচালনা যোৰহাট স্প্ৰীং ডেল হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ পূৰৱ শৰ্মা আৰু মৃগাংক মাইনাৰ ।

লগতে পঢ়ক : কিয় জীৱনৰ চৰম সিদ্ধান্ত ল'লে কানাড়া অভিনেত্ৰী সৌজন্যাই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.