ETV Bharat / state

Complaint against headmistress: যোৰহাটত প্ৰধানশিক্ষয়িত্ৰীৰ বিৰুদ্ধে ছাত্ৰক হাৰাশাস্তিৰ অভিযোগ

author img

By

Published : Jan 23, 2023, 8:56 PM IST

যোৰহাটৰ ৰেৱকান্ত বৰুৱা পাব্লিক স্কুলৰ প্ৰধান শিক্ষয়ত্ৰীৰ বিৰুদ্ধে শিক্ষাৰ্থী মানসিক হাৰাশাস্তি কৰাৰ অভিযোগ (Allegations of mental harassment against headmistress in Jorhat) । চুলি কটোৱাক লৈ দশম শ্ৰেণী কেইবাজনো ছাত্রক মানসিক হাৰাশাস্তি আৰু পৰীক্ষা পৰাৰ বহিস্কাৰ কৰাৰ অভিযোগ প্ৰধান শিক্ষয়ত্ৰীগৰাকীৰ বিৰুদ্ধে (Complaint against headmistress) । এই সন্দৰ্ভত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ যোৰহাট জিলা সমিতিয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ।

Allegations of mental harassment against headmistress in Jorhat
চুলিৰ ষ্টাইল বেয়া হোৱাৰ বাবেই প্ৰধান শিক্ষয়িত্ৰীৰ মানসিক হাৰাশাস্তি
প্ৰধানশিক্ষয়িত্ৰীৰ বিৰুদ্ধে ছাত্ৰক হাৰাশাস্তিৰ অভিযোগ

যোৰহাট, ২৩ জানুৱাৰী: এইখন অসমত প্ৰায়েই সংঘটিত হৈ থাকে নোহোৱা-নোপজা ঘটনা । কেতিয়াবা যদি পৰীক্ষা গৃহত শিক্ষাৰ্থীৰ পোছাককলৈ বিতৰ্ক । আন কেতিয়াবা আকৌ শিক্ষাৰ্থীৰ চুলিৰ ষ্টাইল দেখি ক্ষোভিত হৈ পৰে শিক্ষক-শিক্ষয়িত্ৰী । এইবাৰ ঘটনাৰ স্থান যোৰহাট । যোৰহাটৰ এখন বিদ্যালয়ত প্ৰাক প্ৰৱেশিকা পৰীক্ষাৰ মাজতে শিক্ষাৰ্থীক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী শিক্ষয়িত্ৰীৰ বিৰুদ্ধে (Allegations of mental harassment) ।

যোৰহাট নগৰৰ মাজমজিয়া কেন্দুগুৰিত অৱস্থিত অসমীয়া মাধ্যমৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান ৰেৱকান্ত বৰুৱা পাব্লিক স্কুলৰ দশমমান শ্ৰেণীৰ প্ৰাক প্ৰৱেশিকা পৰীক্ষা চলি থকা মাজতেই সংঘটিত হোৱা এক অৱিবেচক কাণ্ড পোহৰলৈ আহিছে । পৰীক্ষা চলি থকা সময়ছোৱাত অৰ্থাৎ পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দি থকা কেইজনমান ছাত্র ওপৰত চকুৰ পৰে স্কুলখনৰ প্ৰধান শিক্ষয়ত্ৰী গৰাকীৰ (Complaint against headmistress) ।

কাৰণ উক্ত ছাত্র কেইজনৰ চুলি কটা ষ্টাইল পছন্দ হোৱা নাছিল প্ৰধানগৰাকীৰ । ছাত্র কেইজনে অদ্ভূত ধৰণে চুলি কটোৱাৰ বাবে প্ৰধানশিক্ষয়ত্ৰী গৰাকীয়ে পৰীক্ষা হলতেই ছাত্ৰ কেইজনক মানসিক হাৰাশাস্তি কৰাৰ লগতে দশম শ্ৰেণী প্ৰাক প্ৰৱিশেকা পৰীক্ষা পৰাৰ বহিস্কাৰ কৰাৰ গুৰুত্ব অভিযোগ উথাপিত হৈছে (Mental harassment due to bad hair style) । এইদৰে নিজৰ ক্ষমতা প্ৰয়োগ কৰি প্ৰধান শিক্ষয়ত্ৰী গৰাকীয়ে দশম শ্ৰেণী ছাত্ৰ কেইজনক প্ৰহাৰ আৰু পৰীক্ষা পৰা বহিস্কাৰ কৰাৰ এই কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ (Akhil Bharatiya Vidyarthi Parishad) যোৰহাট জিলা সমিতি ।

এই সন্দৰ্ভত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ যোৰহাট জিলা সমিতিয়ে প্ৰকাশ কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া । এই ঘটনাৰ উচিত তদন্তৰ দাবী উত্থাপন কৰিছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে । উল্লেখ্য যে, ৰেৱকান্ত বৰুৱা প্লাৱিক স্কুলৰ প্ৰধান শিক্ষয়ত্ৰী গৰাকীৰ কিছুমান বিৰ্তকিত সিদ্ধান্তৰ বাবে তেওঁ পূৰ্বতেও নিলম্বনৰ দৰে কঠোৰ শাস্তি সন্মুখীন হোৱাৰ অভিযোগ আছে । তাপৰ্যপূৰ্ণ যে, ঐতিহ্যমণ্ডিত ৰেৱকান্ত বৰুৱা প্লাবিক স্কুলৰ এনেধৰণৰ হঠকাৰীৰ সিদ্ধান্তক লৈ শৈক্ষিক মহলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । এগৰাকী প্ৰধান শিক্ষয়ত্ৰী দ্বাৰা শিক্ষাৰ্থী প্ৰহাৰ আৰু বহিষ্কাৰৰ দৰে ঘটনা সংঘটিত হোৱা বুলি যি গুৰুত্ব অভিযোগ উথাপিত হৈছে তাৰ পিছত শিক্ষা বিভাগে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া সময়তহে লক্ষ্যণীয় হ'ব ।

লগতে পঢ়ক: Republic Day 2023: মৰিয়নি সীমান্তৱৰ্তী অঞ্চলত নিছিদ্ৰ তালাচী অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.