ETV Bharat / state

Ragging in JB College: জগন্নাথ বৰুৱা মহাবিদ্যালয়ত ৰেগিঙৰ নামত নিৰ্মম অত্যাচাৰৰ অভিযোগ

author img

By

Published : Nov 28, 2022, 4:00 PM IST

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাচত এইবাৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত ৰেগিঙৰ নামত নিৰ্মম অত্যাচাৰৰ অভিযোগ উত্থাপিত হৈছে (Ragging in JB College)৷ মহাবিদ্যালয়খনৰ এজন ছাত্ৰই সামাজিক মাধ্যমযোগে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ ৷

Ragging in JB College
জগন্নাথ বৰুৱা মহাবিদ্যালয়ত ৰেগিঙৰ নামত নিৰ্মম অত্যাচাৰৰ অভিযোগ

যোৰহাট, 28 নৱেম্বৰ : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ নিৱাসত কনিষ্ঠ ছাত্ৰক ৰেগিঙৰ নামত নিৰ্মম অত্যাচাৰৰ ঘটনাৰ চাঞ্চল্য অব্যাহত থকাৰ সময়তে পোহৰলৈ আহিছে আন এক ৰেগিঙৰ ঘটনা (Ragging in JB College)৷ যোৰহাটস্থিত জগন্নাথ বৰুৱা মহাবিদ্যালয়তো ৰেগিঙৰ নামক ছাত্ৰক নিৰ্মম অত্যাচাৰৰ অভিযোগ উত্থাপিত হৈছে ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰক জ্যেষ্ঠ ছাত্ৰই ওৰে নিশা প্ৰহাৰ কৰি চিকিৎসাধীন হ’বলগীয়া কৰাৰ ঘটনাই সমগ্ৰ ৰাজ্যত বিশেষ চৰ্চা লাভ কৰিছে (Ragging in Dibrugarh university) ৷ তেনে সময়তে যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ এজন ছাত্ৰই ফেচবুকযোগে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অনুৰূপ ঘটনা জে বি মহাবিদ্যালয়তো সংঘটিত হৈ অহা বুলি অভিযোগ উত্থাপন কৰিছে প্ৰথম ষাণ্মাসিকৰ ছাত্ৰ প্ৰণৱ জ্যোতি চেতিয়াই ৷

মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ ছাত্ৰগৰাকীয়ে অভিযোগ কৰা অনুসৰি জ্যেষ্ঠ ছাত্ৰই কৰা অমানুষিক অত্যাচাৰৰ বাবে এমাহতে হোষ্টেল এৰিবলগীয়া হ’ল ছাত্ৰজনে ৷ ছৈয়দ আব্দুল মালিক ছাত্ৰাবাসত থকা ছাত্ৰজনক শাৰিৰীক আৰু মানসিকভাৱে কৰা হৈছিল অত্যাচাৰ ৷ যাৰ ফলত শৈক্ষিক দিশতো যথেষ্ট বাধাৰ সন্মুখীন হৈছিল লখিমপুৰৰ শিমলুগুৰিৰ ছাত্ৰজনে(Torture at JB College hostel)৷

বিনাকাৰণত ছাত্ৰাবাসটোৰ জ্যেষ্ঠ আৱাসীসকলে প্ৰণৱ জ্যোতি চেতিয়াৰ লগতে আন কনিষ্ঠ আৱাসীক অশ্লীল গালি-গালাজ কৰাৰ লগতে বিভিন্ন কামত নিয়োজিত কৰোৱাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰজনে ৷ ইয়াৰোপৰি ওৰে নিশা হোষ্টেলৰ কোঠাত থিয় কৰোৱাই থোৱাৰ লগতে পঢ়িবলৈ নিদিয়া আদি বিভিন্ন ধৰণেৰে অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ প্ৰণৱ জ্যোতি চেতিয়াই ৷

জ্যেষ্ঠ ছাত্ৰৰ অত্যাচাৰত ছাত্ৰনিবাস ত্যাগ কৰাৰ পাচতে ছাত্ৰজনে জটিল সমস্যাৰ মাজৰে শৈক্ষিক জীৱন পাৰ কৰি থকা বুলি জানিবলৈ দিছে ৷ আৰ্থিকভাৱে পিছপৰা ছাত্ৰজনে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ঘটনাৰ দৰেই জে বি মহাবিদ্যালয়ত সংঘটিত এই ঘটনাৰ উচিত তদন্ত কৰি ন্যায় প্ৰদানৰ আশা কৰিছে ৷

লগতে পঢ়ক : Ragging in Dibrugarh University: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডত জড়িত তিনিটাক আটক; পলাতক ৰাহুল ছেত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.