ETV Bharat / state

কোটিটকীয়া পথৰ দুৰৱস্থা; গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিছে ৰাইজে

author img

By

Published : May 20, 2022, 1:30 PM IST

বিগত ডেৰ বছৰে সম্পূৰ্ণ নহ'ল টীয়কৰ কোটি টকীয়া চটাই চিনাতলী পথ নিৰ্মাণৰ কাম ৷ খলাবমা ৰাস্তাৰে যাতায়ত কৰোতে জীয়াতু ভুগিব লগাত পৰিছে অঞ্চলটোৰ ৰাইজ (Poor road Condition at Teok) ৷ উপায়ন্তৰ হৈ ঠিকাদাৰলৈ বাট নাচাই গাঁঠিৰ ধন ভাঙি পথ মেৰামতি কৰিবলৈ বোকাত নামিল স্থানীয় ৰাইজ ৷

Allegation of corruption in road construction at Teok
ধোঁৱাচাঙত কোটিটকীয়া ৰাস্তা নিৰ্মাণৰ কাম

টীয়ক, 20 মে’ : ফুটুকাৰ ফেনত যেন পৰিণত ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতি ৷ নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি দিও ৰাইজৰ সমস্যা সমাধান কৰাত ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ ৷ এই অভিযোগ উত্থাপন কৰিছে টীয়কৰ একাংশ ৰাইজে ৷ কিয়নো 2020 চনতে টীয়কৰ চটাই চিনাতলী সংযোগী একমাত্ৰ পথচোৱা নিৰ্মাণৰ নামত টীয়কৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাই আধাৰশিলা স্থাপন কৰিছিল ৷ কিন্তু প্ৰায় ডেৰটা বছৰ পাৰ হৈ যোৱাৰ পাচতো পথটোৰ কামহে সম্পূৰ্ণ হৈ নুঠিল ৷

যাৰ বাবে এতিয়া দুৰ্ভোগ ভুগিছে সাধাৰণ ৰাইজে (Poor road Condition at Teok)। উন্নয়নৰ কথা কৈ বিজেপি চৰকাৰে ইতিমধ্যে অসমত ছটাকৈ বছৰ শাসন কৰিছে ৷ কিন্তু প্ৰকৃততে কিদৰে উন্নয়ন হৈছে তাৰে প্ৰমাণ এই পথটো বুলি এতিয়া সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰিছে চটাই চিনাতলীবাসী ৰাইজে ৷ কাগজে পত্ৰে কাম হৈছে যদিও প্ৰকৃতাৰ্থত ঠিকাদাৰৰ গাফিলতি বা বিভাগীয় কৰ্তৃপক্ষৰ অমনোযোগিতাৰ ফলতেই সমষ্টিটোত এনেদৰে একাধিক কাম চলি থকা অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷

লগতে পঢ়ক : Corruption in road construction : মৰাণত পথ নিৰ্মাণত সংঘটিত ব্যাপক দুৰ্নীতি

আনহাতে, কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই পথৰ আধাৰশিলাৰ পাচতে কিছুদিন অতি খৰকটীয়াকৈ কাম চলিছিল ৷ ঠিকাদাৰক নিৰ্দিষ্ট প্ৰতিষ্ঠানটোৰ সৈতে চুক্তি মৰ্মে স্থানীয় কেইবাজনো যুৱকে শিল, বালি, মাটি আদিৰ যোগান ধৰিছিল ৷ কিন্তু আজিকোপতি তেওঁলোকক প্ৰাপ্য ধন প্ৰদান নকৰি ঠিকাদাৰ পলায়ন কৰা অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে ।

ইফালে অঞ্চলবাসীয়ে এই বিষয়ে জিলা উপায়ুক্তগৰাকীকো অৱগত কৰিছিল ৷ তাৰ পাচত উপায়ুক্তগৰাকীয়ে ৰাইজৰ দুখ দুৰ্দশাৰ বুজ ল’বলৈ যোৱা মাৰ্চ মাহত উক্ত স্থান পৰিদৰ্শন কৰি স্বৰজমিন তদন্ত কৰাৰ আশ্বাস প্ৰদান কৰিছিল ৷ কিন্তু সেই আশ্বাসৰো কোনো সুদূত্তৰ নোপোৱাৰ অভিযোগ তৰিছে গাঁওবাসীয়ে ৷

আনহাতে, গাঁৱৰ একাংশ সচেতন ব্যক্তিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীকো এই সন্দৰ্ভত অৱগত কৰিছিল । কিন্তু কেনিও কোনো সুদূত্তৰ নাপাই এতিয়া ৰাইজে নিজে এইদৰে গাঁঠি ধন ভাঙি হাতে কামে লাগিবলৈ বাধ্য হৈছে ৷ যাতে কিছু পৰিমাণে হ’লেও অঞ্চলটোৰ ৰাইজে সুচাৰুৰূপে যাতায়ত কৰিব পাৰে ৷

লগতে পঢ়ক : Poor Highway Condition: মৰাণৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পকী দলঙৰ বিধ্বস্ত ৰূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.