টীয়ক, 5 জুলাই: টীয়ক পৌৰসভাৰ পানী যোগান আঁচনিত জল জীৱন মিছনৰ চুৰি পাইপ ব্যৱহাৰ কৰি কাম চলোৱা ঠিকাদাৰক টীয়ক পৌৰসভাই ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ আছুৰ ৷ সততে বিভিন্ন বিৰ্তকৰে বাতৰিৰ শিৰোনাম দখল কৰা টীয়ক পৌৰসভাই নতুনকৈ চৰকাৰী নীতিক জ্বলাঞ্জলি দি এটা চোৰ ঠিকাদাৰক বুকুৰ আপোন কৰা ঘটনাই বিভিন্ন মহলত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
উল্লেখযোগ্য যে, টীয়ক পৌৰসভাত পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত 50 লাখ টকা ব্যয় সাপেক্ষে চলি থকা বিশুদ্ধ খোৱা পানীৰ প্ৰকল্পত শিৱসাগৰৰ এজন ঠিকাদাৰে বৃহৎ সংখ্যক জল জীৱন মিছনৰ পাইপ চুৰি কৰি আনি মজুত ৰখাৰ লগতে বহু পাইপ পৌৰসভাৰ অন্তৰ্গত প্ৰকল্পটোত ব্যৱহাৰ কৰে ৷ ইতিমধ্যে শিৱসাগৰ আৰক্ষীৰ এটা দলে টীয়ক আৰক্ষীৰ সহযোগত এই চুৰি পাইসমূহ জব্দ কৰি উদ্ধাৰ হোৱা পাইপসমূহ শিৱসাগৰলৈ নিয়াৰ ব্যৱস্থা কৰে ৷
লগতে পঢ়ক : Loksabha election 2024 : গুজৰাটী বনিয়াৰ হাতত গটাব অসমৰ কৃষিভূমি: আৰ পি শৰ্মা
নিয়ম অনুসৰি নগৰ বা পৌৰসভা এলেকাত চলি থকা খোৱা পানী প্ৰকল্পত জল জীৱন মিছনৰ কোনো পাইপ ব্যৱহাৰ কৰাৰ চৰকাৰী নিৰ্দেশনা নাই ৷ ইয়াৰ পাছতো কিদৰে প্ৰধানমন্ত্ৰীৰ সপোনৰ প্ৰকল্প জল জীৱন মিছনত ব্যৱহাৰ হোৱা পাইপ পৌৰ এলেকাত ব্যৱহাৰ হ’ল তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে টীয়কৰ সচেতন মহলত ৷ ইফালে ইমানখিনি অনিয়ম হৈ যোৱাৰ পাছতো ৰহস্যজনক ভাবে চুৰি পাইপ ব্যৱহাৰ কৰা ঠিকাদাৰক কি কাৰণে পৌৰসভাই ৰক্ষণাবেক্ষণ দিছে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে ৷
এই সন্দৰ্ভত ছাত্ৰ সন্থাই টীয়ক পৌৰসভাৰ কাৰ্যবাহী বিষয়াজনক চোৰ ঠিকাদাৰজনক ব্লেক লিষ্টেড কৰাৰ দাবী উত্থাপন কৰিছে যদিও আজি 5 দিন উকলি যোৱাৰ পিছতো কোনো সিদ্ধান্তত উপনীত হ'ব নোৱাৰাৰ ঘটনাত এতিয়া ৰহস্য গোন্ধ পাই ,এই ক্ষেত্ৰত উচ্চ পৰ্যায়ৰ এক তদন্তৰ দাবী কৰিছে আছুৱে ৷
লগতে পঢ়ক : Tense Situation in Jonai: জোনাইৰ মাজিআলি মুনমুনি চাপৰিত খেতিয়ক আৰু গো-পালকৰ সংঘাত