ETV Bharat / state

কৃষক নেতা অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ অসুস্থ

কৃষক নেতা অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ অসুস্থ ৷ বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে নেতা গৰাকীৰ মাতৃ ৷

akhil_gogoi_mother_admitted_at_jmch_
কৃষক নেতা অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ অসুস্থ
author img

By

Published : Oct 22, 2020, 2:09 PM IST

যোৰহাট,22 অক্টোবৰ: কৃষক নেতা অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ অসুস্থ ৷ চিকিৎসাৰ বাবে নেতা গৰাকীৰ মাতৃক লৈ যোৱা হৈছে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ । বিগত তিনিদিন ধৰি জ্বৰ আৰু কাঁহত ভুগি আছিল প্ৰিয়দা গগৈ ।

প্ৰাপ্ত তথ্য অনুসৰি,নেতা গৰাকীৰ মাতৃৰ শৰীৰ বৰ্তমান অতিকৈ দুৰ্বল ৷ বুধবাৰে ক'ভিড পৰীক্ষা কৰা হৈছিল যদিও পৰীক্ষাত ক'ভিড নিগেটিভ বুলি চিনাক্ত হৈছিল ৷

ইফালে,ইটিভি ভাৰতৰ সাংবাদিকে স্বাস্থ্য সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়ে কয়,পুত্ৰক বিনা কাৰণত জেলত সোমোৱাই থোৱাৰ চিন্তাৰ বাবে স্বাস্থ্য অৱনতি ঘটিছে ৷ পুত্ৰৰ চিন্তাত খাবলৈ কমাই দিয়াৰ বাবেই তেওঁ দুৰ্বল হৈ গৈছে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে মাতৃ প্ৰিয়দা গগৈয়ে । পুত্ৰক অতি শীঘ্ৰে মুক্তি দিয়াৰ বাবে চিকিৎসালয়ৰ পৰাই চৰকাৰক পুনৰবাৰ অনুৰোধ কৰে মাতৃ গৰাকীয়ে ৷

অন্য এক খবৰৰ বাবে: তৃণমূল কংগ্ৰেছত যোগদান গোৰ্খা নেতা বিমল গুৰুংগেৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.