ETV Bharat / state

যোৰহাট পৌৰসভাৰ বিৰুদ্ধে যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

author img

By

Published : Sep 22, 2020, 4:41 PM IST

যোৰহাট পৌৰসভাৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ । বহু মহলীয়া কাৰ পাৰ্কিং সম্পূৰ্ণ নোহোৱাৰ দাবীত সাব্যস্ত এই প্ৰতিবাদ ৷ বিগত সাত বছৰে আধৰুৱা হৈ পৰি ৰৈছে এই পাৰ্কিং নিৰ্মাণৰ কাম ৷

AJYCP protest against jorhat municipality board assam etv bharat news
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

যোৰহাট,22 ছেপ্তেম্বৰ: যোৰহাট চহৰত ব্যাপকভাৱে সৃষ্টি হোৱা যান-জঁটৰ প্ৰতি লক্ষ্য ৰাখি 2013 চনত কংগ্ৰেছ চৰকাৰে এক অত্যাধুনিক বহু মহলীয়া কাৰ পাৰ্কিং নিৰ্মাণৰ কাম হাতত লৈছিল ৷ পৰৱৰ্তী সময়ত চৰকাৰ সলনি হোৱাৰ সমান্তৰালকৈ পৌৰসভা দখল কৰি ল’লে বিজেপিয়ে ৷ যাৰ ফলত এই পাৰ্কিং নিৰ্মাণৰ কাম আধাতে পৰি ৰ’ল ৷ প্ৰায় 10 কোটি 51 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলৈ লোৱা প্ৰকল্পটোৰ তলৰ মহলাত 70 খন ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে 150 খন বাহন ৰখাৰ ব্যৱস্থাৰে আঁচনিখন গ্ৰহণ কৰা হৈছিল ৷ বিগত সাত বছৰে আধৰুৱা হৈ পৰি ৰৈছে পাৰ্কিং নিৰ্মাণৰ কাম ৷ প্ৰায় 30 শতাংশ কাম সম্পূৰ্ণ কৰাৰ পিছত 55 শতাংশ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে নিৰ্মাণ কোম্পানীটোৰ বিৰুদ্ধে ৷

উক্ত অৰ্ধনিৰ্মিত অভিলাসী আঁচনিখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ নোহোৱাৰ দাবীত মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা নগৰ সমিতিয়ে ৷ লগতে পৰৱৰ্তী নিৰ্বাচনৰ পূৰ্বে এই নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিবলৈ পৌৰসভা কৰ্তৃপক্ষক দাবী জনাই সংগঠনটোৱে ৷

লগতে চাওকঃ ২৪ ছেপ্তেম্বৰৰ পৰা মুকলি নহয় কামাখ্যা মন্দিৰৰ দুৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.