টীয়ক, 19 জুলাই : অনিশ্চয়তাৰ মাজত এতিয়া যোৰহাট-মাজুলী সংযোগী দলং । বিগত প্ৰায় দুটা মাহে স্তব্ধ হৈ আছে যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণৰ কাম । মাজুলী দিশত নিৰ্মাণ কৰা দলঙৰ এটা খুটা নিৰ্মাণত বিসংগতি ওলোৱাৰ পিছৰে পৰা বন্ধ হৈ আছে দলং নিৰ্মাণৰ সমগ্ৰ প্ৰক্ৰিয়া ।
সেয়ে এতিয়া দলং নিৰ্মাণৰ ক্ষেত্ৰত এতিয়া দেখা দিছে অনিশ্চয়তা । ইপিনে, দলং নিৰ্মাণত জড়িত হোৱা স্থানীয় ৰাইজ তথা বিভিন্ন সামগ্ৰী অব্যৱহৃতভাৱে পৰি আছে । দলং নিৰ্মাণৰ বাবে ব্যৱহৃত হোৱা সকলো সামগ্ৰী বৰ্তমান অচল । বহু প্ৰত্যাশিত এই দলংখনৰ লগত টীয়কবাসী যোৰহাটবাসী তথা মাজুলীবাসীৰ বহু আবেগ জড়িত হৈ আছে সেয়ে দলংখনৰ কাম অনতি পলমে পুনৰ আৰম্ভ কৰি নিদিৰ্ষ্ট সময়ত ৰাইজক উপহাৰ দিবলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টীয়ক আঞ্চলিক সমিতিয়ে দাবী জনাইছে(AJYCP demands the construction of Jorhat-Majuli bridge) ৷
লগতে এই ক্ষেত্ৰত দুয়োটা সমষ্টিৰ বিধায়কসকলক আগভাগ ল'বলৈ আহ্বান জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ় দিয়াৰো হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ।
লগতে পঢ়ক : Wrong treatment allegation: ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি যোৰহাটৰ নাৰ্চিং হোমত উত্তপ্ত পৰিস্থিতি