ETV Bharat / state

কাকজান চাহ বাগিছাত কথমপি প্ৰাণ ৰক্ষা চিকিৎসকৰ

author img

By

Published : Jun 3, 2021, 11:21 AM IST

Updated : Jun 3, 2021, 11:38 AM IST

হোজাই ফুলতলি কাণ্ডৰ পাচত মৰিয়নীত আৰু এজন চিকিৎসকক প্ৰহাৰ কৰা ঘটনা পোহৰলৈ আহিছে ৷ বাগিছাৰ একাংশ শ্ৰমিক আৰু গাঁওৰক্ষী বাহিনীৰ তৎপৰতাত কথমপি প্ৰাণৰক্ষা পৰে কাকজান চাহ বাগিছাৰ চিকিৎসক গৰাকী ।

কাকজান চাহ বাগিছাত আক্ৰমণ চিকিৎসকক
কাকজান চাহ বাগিছাত আক্ৰমণ চিকিৎসকক

যোৰহাট,3 জুন: ৰাজ্যত এতিয়া পোহৰলৈ আহিছে এজনৰ পাচত আন এজন চিকিৎসকক প্ৰহাৰ কৰা ঘটনা ৷ হোজাই ফুলতলি কাণ্ডৰ উত্তেজনা মাৰ নৌ যাওঁতেই পুনৰ অনুৰূপ ঘটনা সংঘটিত হৈছে মৰিয়নীত । কথমপি প্ৰাণৰক্ষা পৰে এজন চিকিৎসকৰ । বাগিছাৰ একাংশ শ্ৰমিক আৰু গাঁওৰক্ষী বাহিনীৰ তৎপৰতা কথমপি প্ৰাণৰক্ষা কাকজান চাহ বাগিছাৰ চিকিৎসক ।

জানিব পৰা মতে, বাগিছাখনৰ শ্ৰমিক ৰাজু ৰবি দাস কিছুদিনৰ পৰা শাৰীৰিক অসুস্থতাত ভুগি আছিল । বুধবাৰে নিশা শৰীৰৰ অৱনতি ঘটাত ৰাজু ৰবি দাসক বাগিছাৰ চিকিৎসালয়লৈ পৰিয়ালৰ লোকে লৈ আনে । বাগিছাৰ চিকিৎসকে ৰাজু ৰবি দাসক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে যদিও আদবাটতে ৰাজু ৰবি দাসৰ মৃত্যু ঘটে ।

কাকজান চাহ বাগিছাত কথমপি প্ৰাণ ৰক্ষা চিকিৎসকৰ

মৃত ৰাজু ৰবি দাসৰ পৰিয়ালৰ লোকে পুনৰ মৃতদেহ লৈ কাকজান চাহ বাগিছাৰ চিকিৎসালয়লৈ আহি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । অৱশ্যে বাগিছা খনৰ একাংশ শ্ৰমিক আৰু গাঁওৰক্ষী বাহিনীৰ তৎপৰতাত কথমপি প্ৰাণৰক্ষা পৰে চিকিৎসক গৰাকীৰ । আনহাতে মৃত ৰাজু ৰবি দাসৰ পৰিয়ালৰ লোকে বাগিছা চিকিৎসালয়ত দুৱাৰ খিৰিকীৰো অনিষ্ট সাধন কৰে ।

ঘটনাৰ পাছতে তিতাবৰ মহকুমা আৰক্ষী বিষয়া, মৰিয়নী আৰু দেৱেৰাপাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দল ঘটনাস্থলী উপস্থিত হয় ৷ আৰক্ষী উপস্থিত হোৱাতহে পৰিস্থিতি কিছু সাম কাটে ৷

লগতে পঢ়ক: চিকিৎসাকৰ্মীক পুনৰ প্ৰহাৰ: আটক চাৰিজন

Last Updated : Jun 3, 2021, 11:38 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.