ETV Bharat / state

Road Mishap at Jalukbari: AEC কৰ্তৃপক্ষৰ অৱহেলাৰ বাবেই জালুকবাৰীত পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ

author img

By

Published : May 29, 2023, 10:49 PM IST

‘‘অসম অভিযান্ত্ৰিক মহাবিদ্যালয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবেই গুৱাহাটী জালুকবাৰী সংঘটিত হ’ল ভয়াৱহ পথ দুৰ্ঘটনা ৷ দুপৰ নিশা কেনেকৈ ছাত্র কেইজন হোষ্টেলৰ পৰা ওলাই আহিবলৈ পালে ? দুৰ্ঘটনাৰ খবৰ দিবলৈও আহৰি নাপালে অভিযান্ত্ৰিক মহাবিদ্যালয় কৰ্তৃপক্ষই ।’’ এই অভিযোগ দুৰ্ঘটনাত আহত যোৰহাট কেন্দুগুৰিৰ যুৱক মৃন্ময় বৰাৰ পিতৃৰ (AEC Students Killed in Road Mishap at Jalukbari)।

AEC Students Killed in Road Mishap at Jalukbari
দুৰ্ঘটনাৰ খবৰ দিবলৈও আহৰি নাপালে অভিযান্ত্ৰিক মহাবিদ্যালয় কৰ্তৃপক্ষই : মৃন্ময় বৰাৰ পিতৃ

যোৰহাট, ২৯ মে’ : দেওবাৰে নিশা ১২ বজাত গুৱাহাটীৰ ৰাজপথত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা ৷ সকলোৰে জ্ঞাত যে এই দুৰ্ঘটনাত থিতাততে নিহত হয় অসম অভিযান্ত্ৰিক মহাবিদ্যালয় ৭ জনকৈ ছাত্র ৷ আনহাতে, গুৰুতৰভাৱে আহত হয় অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আন তিনিজন ছাত্ৰ ৷ ইয়াৰে এজন ছাত্ৰ হ’ল যোৰহাট কেন্দুগুৰি যুৱক মৃন্ময় বৰা (AEC Students Killed in Road Mishap at Jalukbari) ৷

বৰ্তমান গুৱাহাটীস্থিত এ'পল হাস্পতালত চিকিৎসাধীন হৈ আছে আহত মৃন্ময় বৰা ৷ বৰ্তমান ছাত্রজন বিপদ মুক্ত যদিও তেওঁক ২৪ ঘন্টাৰ বাবে এ’পল হাস্পতালৰ আই চি ইউত চিকিৎসকৰ তত্বাৱধানত ৰখা হৈছে বুলি জানিব পৰা গৈছে । আনহাতে, এই ভয়াৱহ পথ দুৰ্ঘটনাটো অসম অভিযান্ত্ৰিক মহাবিদ্যালয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবেই সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে আহত মৃন্ময় বৰাৰ পিতৃয়ে ৷

আনকি এই দুৰ্ঘটনাৰ খবৰটো অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ বিপৰীতে মৃন্ময় বৰাৰ এজন সহপাঠীৰ পৰাহে গম পোৱা বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে আহত যুৱকজনৰ পিতৃয়ে ৷ লগতে অভিভাৱকজনে কেনেকৈ ছাত্র কেইজনে নিশা ১১ বজাত ছাত্রাৱাসৰ পৰা ওলাই আহিবলৈ সক্ষম হ’ল তাকলৈয়ো প্ৰশ্ন উত্থাপন কৰে ৷ আনকি এই সৰ্ম্পকে হোষ্টেল কৰ্তৃপক্ষ তথা সেই সময়ত হোষ্টেল ওৱাডেন ভূমিকাকলৈও প্ৰশ্ন উত্থাপন কৰে আহত মৃন্ময় বৰাৰ পিতৃয়ে ৷

লগতে পঢ়ক : Road accident in Guwahati: মহানগৰীৰ জালুকবাৰীত শোকাৱহ পথ দুৰ্ঘটনা ; থিতাতে নিহত ৭ জন যুৱক

আনহাতে, তথ্য অনুসৰি, গুৱাহাটী জালুকবাৰী সংঘটিত হোৱা ভয়াৱহ পথ দুৰ্ঘটনাত নিহত ৭ জন আৰি আহত তিনি যুৱক অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ তৃতীয় বৰ্ষৰ ছাত্ৰ আছিল (7 Students Killed in Road Mishap at Jalukbari) । নিহত ৭ যুৱক ক্ৰমে গুৱাহাটীৰ অৰিন্দম ভাৱাল, নুমলীগড়ৰ নিয়ৰ ডেকা, শিৱসাগৰৰ কৌশিক মহন, নগাঁৱৰ উপাংশু শৰ্মা, মাজুলীৰ ৰাজকিৰণ ভূঞা, ডিব্ৰুগড়ৰ ইমন বৰুৱা আৰু মঙলদৈৰ কৌশিক বৰুৱা বুলি জানিব পৰা গৈছে (Major Road Mishap In Guwahati's Jalukbari) ৷

ইফালে, উঠি অহা ৭ যুৱকৰ মৃত্যুৰ বাতৰিয়ে সকলোকে শোকবিহ্বল কৰি তুলিছে ৷ ছাত্ৰজনৰ মৃত্যুক সহজভাৱে মানি ল’ব পৰা নাই পৰিয়াল তথা আত্মীয়ই । যাক লৈ এতিয়া অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ বিৰুদ্ধে বিভিন্নজনে ভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰিছে ৷

লগতে পঢ়ক : AEC Students Killed in Road Mishap: নিমিষতে ছাৰখাৰ হ’ল কৌশিকৰ পৰিয়ালৰ সপোন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.