ETV Bharat / state

টীয়কত ৰোগত আক্ৰান্ত হৈ 22 টাকৈ গাহৰিৰ অস্বাভাৱিক মৃত্যু - Abnormal death of pigs at Teok in Jorhat

টীয়কত ৰোগত আক্ৰান্ত হৈ 22 টাকৈ গাহৰিৰ মৃত্যু হৈছে (22 pigs die of African Swine fever at Teok) ৷ ফলত চিন্তিত হৈ পৰিছে গাহৰি পালকসকলক ৷ জ্বৰ আৰু কঁপনি হৈ ঘৰে ঘৰে মৃত্যু হৈছে গাহৰিৰ ।

22 pigs die of African Swine fever at Teok
টীয়কত ৰোগত আক্ৰান্ত হৈ 22 টাকৈ গাহৰিৰ মৃত্যু
author img

By

Published : Jun 24, 2022, 8:25 PM IST

Updated : Jun 24, 2022, 8:50 PM IST

টীয়ক, 23 জুন: টীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত ভগামুখকে ধৰি টীয়কৰ বিভিন্ন প্ৰান্তত বহু গাহৰিৰ অস্বাভাৱিক মৃত্যুৱে শংকিত কৰি তুলিছে গাহৰি পালকসকলক ৷ শেহতীয়াকৈ ভগামুখৰ সঞ্জয় বাৰুৱতী নামৰ যুৱক জনৰ গাহৰি ফাৰ্মত ২২ টাকৈ গাহৰিৰ অস্বাভাৱিক মৃত্যুৱে শংকিত কৰি তুলিছে ব্যৱসায়ীজনক (Abnormal death of pigs at Teok in Jorhat) । তদুপৰি তেওঁৰ ফাৰ্মৰ বাকীসকল গাহৰিৰ স্বাস্থ্যও ভাল নহয় বুলি জানিবলৈ দিয়ে (Teok hits by African Swine Fever) ৷

টীয়কত ৰোগত আক্ৰান্ত হৈ 22 টাকৈ গাহৰিৰ মৃত্যু

প্ৰথমে জ্বৰ উঠাৰ পাছত অত্যাধিক কঁপনি উঠি একোটা গাহৰি তিনি চাৰি ঘন্টাৰ ভিতৰত মৃত্যু হয় বুলি গাহৰি পালকজনে জানিব দিয়ে ৷ এই পৰ্যন্ত চিনাক্ত কৰিব পৰা হোৱা নাই যদিও আফ্ৰিকান ছোৱাইন ফিভাৰৰ বাবে গাহৰিৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে গাহৰি পালকজনে ৷ পিছে গাহৰি পালনেৰে দুপইচা অৰ্জন কৰি নিজৰ ঘৰখন পোহপাল দিয়া ব্যৱসায়ীজনে গাহৰিৰ অস্বাভাৱিক মৃত্যুৰ বাবে এতিয়া পৰিছে সমস্যাত ।

ইপিনে গাহৰিৰ এনে অস্বাভাৱিক মৃত্যুৰ পাছতো পশুপালন বিভাগে অঞ্চলটোত এই পৰ্যন্ত গাহৰিক প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰাৰ কোনো ধৰণৰ তৎপৰতা দেখুওৱা নাই ৷ ফলত চিন্তিত হৈ পৰিছে অঞ্চলটোৰ গাহৰি পালকসকলক ৷ লগতে গাহৰীসমূহক এই বেমাৰৰ পৰা বচাবৰ বাবে শীঘ্ৰেই প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰিবলৈ পশুপালন বিভাগক আহ্বান জনায় গাহৰি পালকসকলে ৷

লগতে পঢ়ক: Maharashtra political crisis: মহাৰাষ্ট্ৰৰ বিসম্বাদী শিবিৰৰ বাবে সাত দিনলৈ বুকিং ৰেডিশ্বন ব্লু

Last Updated : Jun 24, 2022, 8:50 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.