ETV Bharat / state

অসম কৃষি বিশ্ববিদ্যালয়ত 21 সংখ্যক দীক্ষান্ত সমাৰোহৰ আয়োজন

যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ে 4 মে'ত অনুষ্ঠিত কৰিব দীক্ষান্ত সমাৰোহ ৷ কেইবা বৰ্ষৰ অন্তত অনুষ্ঠিত হ'বলগীয়া এই সমাৰোহত বিশ্ববিদ্যালয়খনে মুঠ 951 গৰাকী ছাত্ৰ-ছাত্ৰীক বিভিন্ন ডিগ্ৰী আৰু উচ্চ ডিগ্ৰী প্ৰদান কৰিব ।

author img

By

Published : May 2, 2019, 6:13 PM IST

অসম কৃষি বিশ্ববিদ্যালয়ত 21 সংখ্যক দীক্ষান্ত সমাৰোহৰ আয়োজন

যোৰহাট,2মেঃ অহা 4 মে'ত যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰিব 21 সংখ্যক দীক্ষান্ত সমাৰোহ। বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি এই কথা উল্লেখ কৰে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য কমল মল্ল বুজৰবৰুৱাই ৷ কেইবা বৰ্ষৰ অন্তত অনুষ্ঠিত হ'বলগীয়া দীক্ষান্ত সমাৰোহত এই বৰ্ষত সৰ্বমুঠ 951 জনক বিভিন্ন ডিগ্ৰী প্ৰদান কৰিব। এই দীক্ষান্ত সমাৰোহত মুখ্য অতিথি ৰূপে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰিব। ইপিনে এইবৰ্ষৰ দীক্ষান্ত সমাৰোহত দুজন ব্যক্তিক সন্মানীয় ভাৱে "ডক্টৰ অফ ছায়েন্স" সন্মানৰে সন্মানিত কৰিব বিশ্ববিদ্যালয়খনে। উল্লেখ্য যে নিজ কৰ্মক্ষেত্ৰত দেখুৱা পাৰদৰ্শিতা আৰু সফলতাৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ে ডেফডিল নাৰ্ছাৰী তথা সোনাপুৰা কলেজৰ অধ্যাপক ধ্ৰুৱজ্যোতি শৰ্মা আৰু নেচনেল একাডেমী অৱ এগ্ৰিকালচাৰ ছায়েন্সৰ সভাপতি ডঃ পঞ্জাৱ সিংক এই সন্মান প্ৰদান কৰিব।

২১ সংখ্যক দীক্ষান্ত সমাৰোহৰ আয়োজন অসম কৃষি বিশ্ববিদ্যালয়ৰ।।

অহা ৪ মে ত যোৰহাটষ্হীত অসম কৃষি বিশ্ববিদ্যালয়ে ২১ সংখ্যক দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হব।কেইবা বৰ্ষৰ অন্তত অনুষ্ঠিত হব লগীয়া দীক্ষান্ত সমাৰোহত এই বৰ্ষত সৰ্বমুঠ ৯৫১ জনক বিভিন্ন ডিগ্ৰী আৰু উচ্চ ডিগ্ৰী প্ৰদান কৰিব।দীক্ষান্ত সমাৰোহত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব।উল্লেখযোগ্য যে এইবৰ্ষৰ দীক্ষান্ত সমাৰোহত দুজন ব্যক্তিক সন্মানীয় ভাৱে " ডক্টৰ অফ ছায়েন্স"সন্মানৰে সন্মানিত কৰিব।জাগীৰগৰ ডেফডিল নাৰ্ছাৰী তথা সোনাপুৰা কলেজ অধ্যাপক ধ্ৰুৱজ্যোতি শৰ্মা আৰু নেচনেল একাডেমী অব এগ্ৰকালচাৰ ছায়েন্স সভাপতি ডঃ পন্জাৱ সিংক।উল্লেখযোগ্য যে নিজ নিজ কৰ্মক্ষেত্ৰ দেখুৱা পৰ্ৰদক্ষিতা আৰু সফলতাৰ বাবেই অসম কৃষি বিশ্ববিদ্যালয়ে এই সন্মান প্ৰদান কৰিব।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.