ETV Bharat / state

Assam Unnati Sabha: আছুৰ ভাতৃ সংগঠন অসম উন্নতি সভাৰ উপ-সভাপতি আৰু অসম সেনাৰ মুখ্য আহ্বায়কক যোৰহাটত আদৰণি - AASU Welcomes Delegates of Assam Sena in Jorhat

আছুৰ ভাতৃ সংগঠন অসম উন্নতি সভাৰ নৱ-নিৰ্বাচিত উপ-সভাপতি আৰু অসম সেনাৰ নৱ-নিৰ্বাচিত মুখ্য আহ্বায়কক যোৰহাটত আদৰণি জিলা ছাত্ৰ সন্থা আৰু যোৰহাটবাসীৰ ৷ অসম উন্নতি সভাৰ নৱ-নিৰ্বাচিত উপ-সভাপতি আৰু অসম সেনাৰ নৱ-নিৰ্বাচিত মুখ্য আহবায়ক হিচাবে নিৰ্বাচিত হৈছে ক্ৰমে যোৰহাটৰ জুল খাউণ্ড আৰু বিজয় শংকৰ বৰদলৈ ৷

AASU Welcomes Delegates of Assam Unnati Sabha
জুল খাউণ্ড আৰু বিজয় শংকৰ বৰদলৈক যোৰহাটত বিপুল আদৰণি
author img

By

Published : Jul 8, 2023, 5:54 PM IST

অসম উন্নতি সভাৰ উপ-সভাপতি আৰু অসম সেনাৰ মুখ্য আহ্বায়কক আদৰণি

যোৰহাট, 8 জুলাই: সদৌ অসম ছাত্ৰ সন্থাৰ ভাতৃ সংগঠন অসম উন্নতি সভাৰ নৱ-নিৰ্বাচিত উপ-সভাপতি আৰু অসম সেনাৰ নৱ-নিৰ্বাচিত মুখ্য আহ্বায়কক যোৰহাটত আদৰণি যোৰহাট জিলা ছাত্ৰ সন্থা আৰু যোৰহাটবাসীৰ ৷ আছুৰ ভাতৃ সংগঠন অসম উন্নতি সভাৰ নৱ-নিৰ্বাচিত উপ-সভাপতি আৰু অসম সেনাৰ নৱ-নিৰ্বাচিত মুখ্য আহ্বায়ক হিচাবে নিৰ্বাচিত হৈছে ক্ৰমে যোৰহাটৰ জুল খাউণ্ড আৰু বিজয় শংকৰ বৰদলৈ ৷ দায়িত্ব লাভ কৰাৰ পিছতেই যোৰহাটত উপস্থিত হোৱাৰ পাছত দুয়োজন নেতাকে বিপুলভাৱে আদৰণি জনোৱা হয় ৷

উল্লেখযোগ্য যে, আছুৰ ভাতৃ সংগঠন হিচাপে পৰিচিত অসম উন্নতি সভা আৰু অসম সেনা বিগত সময়ত নিস্ক্ৰিয় অৱস্থাত আছিল যদিও বৰ্তমান পুনৰ শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰা হৈছে দুয়োটা সংগঠনকে ৷ অসম ছাত্ৰ সন্থাৰ উদ্যোগত 5 জুলাইত অসম উন্নতি সভা আৰু অসম সেনাৰ প্ৰথম অধিৱেশন গুৱাহাটীৰ জিলা পুথিভঁৰালত অনুষ্ঠিত হয় ৷ নতুন ৰূপত গঢ়ি উঠা অসম উন্নতি সভাৰ উপ-সভাপতি হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে সদৌ অসম ছাত্ৰ সন্থা প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক জুল খাউণ্ডক আৰু অসম সেনাৰ মুখ্য আহ্বায়ক হিচাপে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি বিজয় শংকৰ বৰদলৈক দায়িত্ব দিয়া হৈছে ৷

নতুনকৈ দায়িত্ব লাভ কৰা জুল খাউণ্ড আৰু বিজয় শংকৰ বৰদলৈক যোৰহাট জিলা ছাত্ৰ সন্থা, বিভিন্ন দল-সংগঠন আৰু যোৰহাটবাসী ৰাইজে উষ্ম আদৰণি জনায় ৷ দায়িত্ব লাভ কৰি বিজয় শংকৰ বৰদলৈ আৰু জুল খাউণ্ডে কয় যে, দুয়োটা সংগঠনে অসমীয়া জাতিৰ সুৰক্ষা আৰু কলা- সংস্কৃতি ৰক্ষাৰ বাবে কাম কৰি যাব ৷ জাতিটোৰ প্ৰভুত্ব বিস্তাৰ কিদৰে কৰিব পৰা যায় তাৰ বাবে কাম কৰি যাব বুলি মন্তব্য কৰে দুয়োজন নেতাই ৷

তেওঁলোকে কয় যে, বৰ্তমান সময়ত নৱ প্ৰজন্মৰ একাংশ নিচাযুক্ত দ্ৰব্যৰ গ্ৰাসত পৰা পৰিলক্ষিত হৈছে ৷ সেয়েহে যুৱ চামক নিচাৰ কৰাল গ্ৰাসৰ পৰা কি দৰে মুক্ত কৰি সমাজ ব্যৱস্থালৈ ঘূৰাই আনিব পাৰি তাৰ বাবে অসম উন্নতি সভা আৰু অসম সেনাই কাম কৰি যাব ৷ উল্লেখ্য যে, অসম সেনা আৰু অসম উন্নতি সভাৰ দায়িত্ব লাভ কৰি দুয়োজনে পোনে পোনে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত থকা আছুৰ শ্বহীদ বেদীত সেৱা জনাই জাতিৰ বাবে কাম কৰি যোৱাৰ সংকল্প গ্ৰহণ কৰে ৷

লগতে পঢ়ক: AASU Protest in Rangia: ৰঙিয়াত আছুৰ সহযোগত ৰাইজৰ চৰকাৰৰ বিৰোধী প্ৰতিবাদ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.