টীয়ক, 11 ডিচেম্বৰ : ৰাজ্যত কা আন্দোলনৰ এটা বছৰ সম্পূৰ্ণ হ'ল ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ২০১৯ বৰ্ষত সমগ্ৰ অসম প্ৰতিবাদমুখৰ হৈ পৰিছিল । দেশ তথা ৰাজ্যৰ স্বাৰ্থত ৰাজপথলৈ ওলাই আহিছিল সাধাৰন জনতা ৷ পিছ পৰি ৰোৱা নাছিল যোৰহাট জিলাৰ টীয়কো ৷ কা আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ আছিল টীয়কৰ বনাইৰ ৰাজেন বৰুৱা ৷
শুকুৰবাৰে কা আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ ৰাজেন বৰুৱাৰ প্ৰথম মৃত্যু বাৰ্ষিকী পালন কৰা হয় ৷ টীয়কৰ বনাইস্থিত বাসগৃহত শ্বহীদ ৰাজেন বৰুৱাক শ্ৰদ্ধাৰে স্মৰণ কৰিলে সদৌ অসম ছাত্ৰ সন্থাই ৷ আছুৰ প্ৰতিনিধিসকলে বাসগৃহত উপস্থিত হৈ ৰাজেন বৰুৱাৰ পৰিয়ালক সমবেদনা জনোৱাৰ লগতে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰো আয়োজন কৰে । অঞ্চলতোৰ স্থানীয় লোকৰ উপস্থিতিত আয়োজিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰাই অসমৰ মুখ্যমন্ত্ৰী গৰাকীলৈ প্ৰত্যাহ্বান সদৌ অসম ছাত্ৰ সন্থাৰ ৷
2019 চনৰ কা আন্দোলনত দেশৰ হকে ৰাজপথত আত্মবলিদান দিয়া টীয়কৰ ৰাজেন বৰুৱাক সদৌ অসম ছাত্ৰ সন্থাই প্ৰথমজন শ্বহীদ হিচাপে ঘোষণা কৰিছিল ৷ কিন্তু আন্দোলনৰ এবছৰ উকলি যোৱাৰ পাছতো ৰাজ্য চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰিলে ৰাজেন বৰুৱাৰ পৰিয়ালটোলৈ ৷ কা আন্দোলনৰ ঘোৰ বিৰোধিতা কৰি নিজৰ জীৱন দিয়া শ্বহীদ গৰাকীৰ পৰিয়ালটোলৈ ৰাজ্য চৰকাৰৰ অৱহেলাত ক্ষোভ প্ৰকাশ কৰিছে আছুৰ নেতৃত্বই ৷
উল্লেখ্য যে, ৰাজ্যত কৰ'ণা মহামাৰীৰ বাবে স্তিমিত হোৱা কা আন্দোলন পুনৰ গঢ়ি তোলাৰ বাবে 30টাকৈ জনগোষ্ঠীয় সংগঠন একতৃত হৈছে ৷ পুনৰ দেশ তথা জাতি ৰক্ষাৰ বাবে অসমৰ জনসাধাৰণক আন্দোলনত জঁপিয়াই পৰিবলৈ আহ্বান জনাইছে সদৌ অসম ছাত্ৰ সন্থাই ৷
লগতে পঢ়ক: কা বাতিলৰ দাবীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী সমদল