ETV Bharat / state

2008 Serial Blasts Assam : যোৰহাটতো 2008ৰ বোমা বিস্ফোৰণ নিহতসকল প্ৰতি জনোৱা হ’ল শ্ৰদ্ধাঞ্জলি

author img

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 10:44 PM IST

2008 চনৰ ধাৰাবাহিক বোমা বিস্ফোৰণত নিহতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আজি কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ যোৰহাটতো আছুৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় 82 গৰাকীকৈ লোকলৈ ৷

2008 Serial Blasts Assam
যোৰহাটতো 2008ৰ বোমা বিস্ফোৰণ নিহতসকল প্ৰতি জনোৱা হ’ল শ্ৰদ্ধাঞ্জলি

যোৰহাট, ৩০ অক্টোবৰ : আজি 30 অক্টোবৰ ৷ এই তাৰিখটো আহিলেই অথবা তাৰিখৰ কথা ভাবিলে বুকু কঁপি উঠে অসমবাসীৰ৷ কিয়নো 2008 চনৰ আজিৰ দিনটোতেই গুৱাহাটী মহানগৰ, বৰপেটাৰোড, কোকোৰাঝাৰ, বঙাইগাঁৱত উগ্ৰপন্থী সংগঠনে সংঘটিত কৰা বৰ্বৰ বোমা বিস্ফোৰণত মৃত্যুবৰণ কৰিছিল 82 গৰাকী লোক৷ উক্ত দিনটোত নৃশংসতাৰ বলি হোৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে যোৰহাট মহকুমা ছাত্ৰ সন্থায়ো সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে যোৰহাট জিলা সদৰত এক বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী গ্ৰহণ কৰে ।

উক্ত কাৰ্যসূচীত যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ সভানেত্ৰী নিহাৰিকা শইকীয়া আৰু সাধাৰণ সম্পাদক ৰিয়াজ হুছেইনে উপস্থিত থাকি কয়- ‘‘বোমা বিস্ফোৰণত জৰিতসকলক চৰকাৰে কঠোৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবই লাগিব । অসমৰ মাটিৰ পৰা সন্ত্ৰাসবাদক পুলিয়ে-পোখাই উৎখাত কৰিবলৈ চৰকাৰে এক ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰি দেখুৱাওক ।’’ উক্ত কার্যসূচীত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি সংকল্প গগৈয়ে উপস্থিত থাকি কয়- ‘‘অসমত সন্ত্ৰাসবাদৰ স্থান নাই আৰু মৌলবাদৰ স্থান নাই ।’’ বোমা বিস্ফোৰণত নিহত পৰিয়াল আৰু আহতসকলক আজিলৈকে চৰকাৰে স্থায়ী সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ নকৰাত ছাত্ৰ সন্থাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয়- কেৱল আশ্বাস, প্ৰতিশ্ৰুতিতেই চৰকাৰে নিজৰ দায়িত্ব সামৰিছে । ভুক্তভোগীসকলৰ প্ৰতি চৰকাৰে নিজৰ দায়িত্ব পালন কৰি দেখুৱাওক ৷’’ উল্লেখ্য যে ৩০ অক্টোবৰত সংঘটিত হোৱা উক্ত শিহঁৰণকাৰী ধাৰাবাহিক বোমা বিস্ফোৰণৰ লগত জড়িতসকল এতিয়াও মুকলি আকাশ তলতে আছে । বোমা বিস্ফোৰণ ঘটনাত মৃত্যুবৰণ কৰা লোকসকল প্ৰতি শ্ৰদ্ধা জনাই আজি ৰাজ্য বিভিন্ন ঠাইত শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী গ্ৰহণ কৰা হয়।

লগতে পঢ়ক : 30th October Serial Blast : 30 অক্টোবৰৰ ধাৰাবাহিক বোমা বিস্ফোৰণত নিহত সকললৈ সোণাৰিত শ্ৰদ্ধাঞ্জলি আছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.