যোৰহাট,২০ মাৰ্চ: নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদত নামিল ছাত্ৰ সন্থা । সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে শনিবাৰে সমগ্ৰ ৰাজ্যতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । যোৰহাটতো জিলা ছাত্র সন্থা আৰু আঞ্চলিক ছাত্র সন্থাই বাইক ৰেলী উলিয়ায় । সংগঠনটোৰ শতাধিক কৰ্মীয়ে উত্তাল কৰি তোলে যোৰহাটৰ ৰাজপথ ।

যোৰহাট নগৰৰ মাজেৰে এক বিশাল বাইক ৰেলী উলিওৱা হয় । যোৰহাট নগৰৰ লগতে কাষৰীয়া প্ৰায় ৫০ কিল’মিটাৰ পথ পৰ্যন্ত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

বিজেপি বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে ৰাজপথ । এই প্ৰতিবাদী কাৰ্যসূচীত পশ্চিম যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা, বালিগাঁও আঞ্চলিক ছাত্ৰ সন্থা, উত্তৰ-পশ্চিম যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰে । আগন্তক দিনত 'কা' ৰ বিৰুদ্ধে আন্দোলন তীব্ৰতৰ কৰাৰো হুংকাৰ দিয়ে ছাত্ৰ সংগঠনটোৱে ।
লগতে পঢ়ক: নাওবৈচাত বাইক ৰেলীৰে শক্তি প্ৰদৰ্শন ৰাও গজেন্দ্ৰ সিঙৰ