যোৰহাট, 24 চেপ্তেম্বৰ: কৃষি বিধেয়কৰ বিৰোধীতাৰে সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটতো আম আদমী পাৰ্টীৰ প্ৰতিবাদ সাব্যস্ত ৷ যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আপৰ কৰ্মকৰ্তা সকলৰ প্ৰতিবাদ সাব্যস্ত ৷ বিধেয়কৰ বিৰোধীতাৰে জিলা উপায়ুক্তৰ যোগেদি ৰাষ্ট্ৰপতি লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিলে প্ৰতিবাদকাৰী সকলে ৷
প্ৰতিবাদকাৰী সকলৰ অভিযোগ দেশৰ কৃষিখণ্ড এতিয়া কেৱল পুঁজিপতিৰ হাতত ৰৈ গৈছে ৷ একমাত্ৰ পুঁজিপতিৰ স্বাৰ্থতে কেন্দ্ৰত শাসনাধিষ্ঠ বিজেপি চৰকাৰে তিনিখনকৈ বিধেয়ক গৃহীত কৰিব বিচৰা কাৰ্যৰ তীব্ৰ প্ৰতিবাদ আম আদমী পাৰ্টিৰ । প্ৰতিবাদকাৰী সকলৰ মন্তব্য বিভিন্ন সমস্যাই জৰ্জৰিত কৰা দেশৰ কৃষকৰ সমস্যা সমাধান নকৰি একমাত্ৰ পুঁজিপতিৰ স্বাৰ্থত তিনিখনকৈ বিধেয়ক গৃহীত কৰিলে দেশৰ কৃষি খণ্ড পুঁজিপতিৰ হাতলৈ যোৱাটো নিশ্চিত ।
লগতে পঢ়ক: অগপক সমষ্টি এৰি দিবলৈ অনিচ্ছুক টীয়কৰ দুই মণ্ডল বিজেপি