ETV Bharat / state

চিকিৎসক নাই, চকীদাৰ আছে দায়িত্বত ! - টীয়ক কাকজান হাস্পতাল

অভিযোগ অনুসৰি, টীয়কৰ কাকজান হাস্পতালত নিশা নাথাকে কোনো চিকিৎসক আৰু নাৰ্চ ৷ জৰুৰী চিকিৎসা আগবঢ়াই আহিছে দায়িত্বত থকা নৈশ চকীদাৰে ৷

জৰুৰীকালীন সেৱাত চিকিৎসক আৰু নাৰ্চ অবিহনে পৰিচালিত এখন চিকিৎসালয়
author img

By

Published : Sep 13, 2019, 11:35 AM IST

টীয়ক, 13 ছেপ্তেম্বৰঃ চিকিৎসা কেন্দ্ৰত চিকিৎসকৰ অভাৱত চকীদাৰে চিকিৎসা প্ৰদান কৰিবলগীয়া হোৱা ঘটনাই ৰাজ্যৰ চিকিৎসা খণ্ডৰ ফোপোলা স্বৰূপটো উদঙাই দিছে ৷ টীয়কৰ কাকজান হাস্পতালত জৰুৰীকালীন সেৱাত কোনো নৈশ ডাক্তৰ আৰু নাৰ্চ নথকা কথাটোৱে পুনৰবাৰ যেন স্বাস্থ্য বিভাগৰ ফোপোলা উন্নয়নৰ কথাকেই যেন প্ৰতিয়মান কৰিলে । বৃহস্পতিবাৰে নিশা ১০-৩০ বজাত চোলেইমান হুছেইন নামৰ আঘাতপ্ৰাপ্ত এজন ব্যক্তিক চিকিৎসাৰ বাবে কাকজান হাস্পতাললৈ আনিছিল পৰিয়ালৰ লোকে । সেইসময়ত চিকিৎসালয়ত উপস্থিত নাছিল কোনো চিকিৎসক । চিকিৎসালয়খনত থকা নৈশ চকীদাৰজনেই চিকিৎসা সেৱা আগবঢ়াই ব্যক্তিজনৰ । এই বিষয়ে নাৰ্চ আৰু ড্ৰেচাৰৰ সেৱা আগবঢ়োৱা চকীদাৰজনক প্ৰশ্ন কৰাত ডাক্তৰ ঘৰত আছে আৰু আহি আছে বুলি জানিবলৈ দিয়ে ৷ এই ঘটনাক টীয়কৰ ৰাইজে একেমুখে গৰিহণা দিছে ৷

Intro:Body:টীয়কৰ কাকজান হস্পিতালত নিশা নাথাকে কোনো ডাক্তৰ , নাৰ্চ/চিকিৎসা আগবঢ়াই নৈশ চকীদাৰে
Teok: টীয়কৰ কাকজান হস্পিতালত জৰুৰীকালীন সেৱাত নিশা নাথাকে কোনো নৈশ ডাক্তৰ, নাৰ্চ । বৃহস্পতি বাৰে নিশা ১০-৩০ বজাত চোলেইমান হুছেইন নামৰ আঘাতপ্ৰাপ্ত এজন ব্যক্তিক চিকিৎসাৰ বাবে কাকজান হস্পিতাল আনে । সেইসময়ত চিকিৎসালয়ত নাছিল কোনো চিকিৎসক । তাত থকা নৈশ চকীদাৰ জনেই চিকিৎসা সেৱা আগবঢ়াই । এই বিষয়ে সাংবাদিকে প্ৰশ্ন কৰাত ডাক্তৰ ঘৰত আছে আহি আছে বুলি জানিব দিয়ে । নৈশ চকীদাৰে ব্যক্তি জনক ড্ৰেছিং কৰে। প্ৰায় ২০ মিনিট সময়ৰ পাছত এগৰাকী নাৰ্চ আহি চিকিৎসা সেৱা আগবঢ়াই । পৰৱৰ্তী সময়ত প্ৰায় আধাঘণ্টাৰ পাছত ডাক্তৰ লংকেশ্বৰ ৰাজমেধি নামৰ চিকিৎসাক জন উপস্থিত হয় । কৰ্তব্য সময়ত চিকিৎসালয়ৰ পৰা ৩ কিলোমিটাৰ নিলগত নিজ বাসগৃহত থকা এইসকল চিকিৎসকক এতিয়া নিয়ন্ত্ৰণ কৰিব কোনে ? Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.