যোৰহাট, 5 ডিচেম্বৰ : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাছত ৰেগিংকাণ্ডক লৈ চৰ্চাত আছে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয় (JB college Ragging incident) ৷ তথ্য অনুসৰি, যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ৰেগিংকাণ্ডত জড়িত 9 জন ছাত্ৰক মহাবিদ্যালয়ৰ ৰেগিং বিৰোধীৰ অনুশাসন সমিতিয়ে তলব কৰিছে (9 students has been summoned for Ragging in JB college) ৷ সোমবাৰে দিনৰ 1 বজাত অনুশাসন সমিতিৰ ওচৰত হাজিৰ কৰে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ উক্ত ছাত্ৰ কেইজনক ।
জানিব পৰা মতে, ছৈয়দ মালিক ছাত্ৰাৱাসৰ নৱাগত ছাত্ৰ তথা প্ৰণৱজ্যোতি চেতিয়াৰ ৰেগিঙৰ লগত জড়িত আছিল আজি অনুশাসন সমিতিয়ে তলব কৰা বৰ্তমানৰ 8 জন ছাত্ৰ আৰু এজন প্ৰাক্তন ছাত্ৰ । উল্লেখ্য যে, সোমবাৰে মহাবিদ্যালয় চৌহদত ৰেগিং বিৰোধী অনুশাসন সমিতি আৰু ৰেগিংকাণ্ডত জড়িত ছাত্ৰৰ মুখামুখি আলোচনা কৰা হয় ।

অৱশ্যে প্ৰত্যকজন ছাত্ৰকেই ৰেগিং অনুশাসন বিৰোধী সমিতিয়ে পৃথকে পৃথকে তেওঁলোকৰ পৰাৰ ভাষ্য গ্ৰহণ কৰিছিল বুলি জানিব পৰা গৈছে ৷ ৰেগিং অনুশাসন বিৰোধীৰ সমিতিয়ে তলব কৰাৰ ছাত্ৰকেইজন ক্ৰমে জিন্টু চেত্ৰী, বিক্ৰমাদিত্য বৰা, বিশাল ৰংপি, সুমিত ৰায়, দীপাংকৰ তামুলী, আকাশজ্যোতি শইকীয়া, শ্যামন্ত উপাধ্যায়, বাস্তৱ গোঁহাইৰ লগতে প্ৰাক্তন ছাত্ৰ অংকুৰ চাউদাং বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : Ragging in JB College Jorhat : জেবি কলেজৰ ৰেগিং সন্দৰ্ভত কি ক'লে অতিৰিক্ত আৰক্ষী অধীক্ষকে
অৱশ্যে বাতৰি যুগুত কৰা পৰলৈকে অভিযুক্ত 9 জন ছাত্ৰক মহাবিদ্যালয়ৰ পৰাৰ বাহিৰলৈ ওলাই আহিবলৈ দিয়া হোৱা নাই ৷ বাতৰি যুগুত কৰা পৰ্যন্ত ৰেগিং বিৰোধী সমিতিয়ে অভিযুক্ত ছাত্ৰকেইজনক জেৰাৰ চলাই আছে ৷ আনহাতে, কিছুদিন পূৰ্বে ৰেগিং ঘটনাৰ লগত জড়িত 9 জন ছাত্ৰৰ বিৰুদ্ধে যোৰহাট সদৰ আৰক্ষী থানাত মহাবিদ্যালয়খনৰ অধ্যক্ষই দাখিল কৰিছিল এক গোচৰ (FIR against student involved in ragging) ৷

সেই গোচৰৰ আধাৰতে 893/2022 ভাৰতীয় দণ্ডিবিধি আইনৰ 341/235/506/34 IPC আৰু Read with section A of Assam prohibition of Raging act 1998 ত গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে । ইফালে যোৰহাট জিলা ছাত্ৰ সন্থাই ৰেগিংকাণ্ডত জড়িত থকা সকলৰ বিৰুদ্ধে কঠোৰ পৰাৰ কঠোৰতম শাস্তি বিহিবলৈ যোৰহাট জিলা প্ৰশাসনক দাবী জনাইছে ৷
লগতে পঢ়ক : Ragging incident in JB college : ৰেগিঙৰ বিৰুদ্ধে কঠোৰ জে বি মহাবিদ্যালয়