ETV Bharat / state

টীয়কত সদৌ অসম মটক সন্মিলনৰ 84 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস - Foundation Day

টীয়কৰ বলমা চন্দ্ৰকমল বেজবৰুৱা হৰিমন্দিৰ প্ৰাংগণত অনুষ্ঠিত হৈছে সদৌ অসম মটক সন্মিলনৰ 84 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস ৷ সন্মিলনৰ সাধাৰণ পৰিষদৰ সভাত মটক জনগোষ্ঠীৰ লগতে অনতি পলমে অন্যান্য ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে চৰকাৰক হেঁচা প্ৰয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে সংগঠনটোৰ নেতৃবৰ্গই ৷

All Assam Matak Sanmilan
84 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস
author img

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 8:52 PM IST

মটক সন্মিলনৰ 84 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস

টীয়ক, 24 নৱেম্বৰ : দুদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে বৃহস্পতিবাৰৰ পৰা যোৰহাট জিলাৰ টীয়কৰ বলমা চন্দ্ৰকমল বেজবৰুৱা হৰিমন্দিৰ প্ৰাংগণত অনুষ্ঠিত হৈছে সদৌ অসম মটক সন্মিলনৰ 84 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস ৷ প্ৰথম দিনাৰ সমূহ কাৰ্যসূচী সফল ৰূপায়ণৰ পাছত আজি অৰ্থাৎ শুকুৰবাৰে দ্বিতীয় দিনা দুপৰীয়া সদৌ অসম মটক সন্মিলনৰ ৰাজ্যিক সভাপতি চান্দ কুমাৰ গোঁহাইৰ সভাপতিত্বত অনুস্থিত হোৱা মুকলি সভা উদ্বোধন কৰে মটক স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ সৰোজ গোঁহাইয়ে ৷

আদৰণি সমিতিৰ সভাপতি ইন্দ্ৰ নাথ গগৈয়ে আদৰণি ভাষণ প্ৰদান কৰা এই সভাত মটক স্বায়ত্ত শাসিত পৰিষদৰ উপাধ্যক্ষ দেবৰ্ষি চেতিয়া, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ সভাপতি ৰঞ্জিত গোঁহাই, সদৌ অসম মটক মহিলা পৰিষদৰ সভানেত্ৰী ৰূপালী গগৈকে ধৰি বহুকেইজন বিশিষ্ট অতিথি উপস্থিত থাকে ৷ এই সভাতে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ উন্মোচন কৰে মটক স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ ডেভিদ চেতিয়াই ৷

উল্লেখযোগ্য যে বৃহস্পতিবাৰে পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষ ৰোপন আৰু শুকুৰবাৰে এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে দ্বিতীয় দিনাৰ কাৰ্যসূচী আৰম্ভ কৰা হয ৷ য'ত প্ৰায় 12 খন জিলাৰ সহস্ৰাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ৷ ইফালে বৃহস্পতিবাৰে বিয়লি অনুষ্ঠিত হোৱা সন্মিলনৰ সাধাৰণ পৰিষদৰ সভাত মটক জনগোষ্ঠীৰ লগতে অনতি পলমে অন্যান্য ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে চৰকাৰক হেঁচা প্ৰয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে সংগঠনটোৰ নেতৃবৰ্গই ৷

উল্লেখযোগ্য যে, মটক জনগোষ্ঠীৰ বিভিন্ন দল-সংগঠনে দীৰ্ঘদিনৰ পৰা জনগোষ্ঠীটোক জনজাতিকৰণৰ দাবী জনাই আহিছে ৷ এইবাৰ পুনৰ সদৌ অসম মটক সন্মিলনৰ 84 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসতো উত্থাপন হ’ল এই দাবী ৷

লগতে পঢ়ক : বিধানসভাৰ শীতকালীন অধিবেশনত বিলম্ব; চৰকাৰক ভয়াতুৰ বুলিছে বিধায়ক কমলাক্ষই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.