যোৰহাট, 12 মাৰ্চ: অৱশেষত সাৰ পালে যোৰহাট আৰক্ষী ৷ যোৱা 8 মাৰ্চ নাৰী দিৱসৰ দিনটোত যোৰহাটৰ বঙালপুখুৰীত এগৰাকী অন্তঃসত্বা মহিলাক প্ৰহাৰ কৰা ঘটনাৰে জড়িত থকা অভিযোগত যুৱতীসহ তিনি যুৱকক আটক কৰে কৰে যোৰহাট আৰক্ষীয়ে (3 arrested related to Pregnant Women Attack)৷
ঘটনা অনুসৰি যোৱা 8 মাৰ্চত যোৰহাটৰ বঙাল পুখুৰীৰ ABG এপাৰ্টমেণ্টত বাস কৰা এটা দম্পতীয়ে হোলীৰ উপলক্ষে গাঁৱৰ ঘৰৰ পৰা উভতি অহাৰ পথতে এগৰাকী যুৱতীয়ে কেইজনমান যুৱকৰ সৈতে মদ্যপান কৰি থকা পৰিলক্ষিত কৰে ৷ দম্পতীটোৱে ৰাস্তা বিচাৰি গাড়ীৰ হৰ্ণ মৰাৰ লগে লগেই সামান্য কথাতেই যুৱতীগৰাকীৰ লগত দম্পতীটোৰ তৰ্কাতৰ্কি হয় ৷ তাৰ পিচতেই এই বাক বিতণ্ডাই ইমানেই ভয়ংকৰ ৰূপ লয় যে যুৱতীগৰাকীৰ লগত থকা যুৱকৰ দলটোৰ লগত হতাহতি হয় দম্পতীটোৰ ৷
সুৰাসক্ত যুৱকৰ দলটোৱে অন্তঃসত্বা মহিলাগৰাকীক জধে মধে প্ৰহাৰ কৰাৰ লগতে পেটতো প্ৰহাৰ কৰাত স্বামীয়ে প্ৰাণৰক্ষাৰ বাবে যুৱকৰ দলটোক ওলোটাই প্ৰহাৰ কৰে (Pregnant Women Attack in Jorhat )৷
এই সমগ্ৰ ঘটনা তেওঁলোকৰ এপাৰ্টমেণ্টটোৰ চিচিটিভি কেমেৰাত বন্দী হৈছিল ৷ এই ঘটনাৰ পিচতে ভুক্তভোগী দম্পতীটোৱে যোৰহাটৰ লিচুবাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে ৷ কিন্তু ইয়াৰ পিচতো আৰক্ষীয়ে দম্পতীটোৰ অভিযোগৰ সন্দৰ্ভত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উথাপিত কৰিছিল ।
ইয়াৰ পিচতে এই ঘটনা ইটি ভি ভাৰত লগতে কেবাটাও সংবাদ মাধ্যমত প্ৰকাশ পোৱা পিছতেই যোৰহাট আৰক্ষী থানাত (Jorhat Police) এক প্ৰকাৰৰ হুৱাদুৱাৰ সৃষ্টি হয় । দেওবাৰে যোৰহাটৰ লিচুবাৰী আৰক্ষীয়ে গৰ্ভৱতী মহিলাক আক্ৰমণ ঘটনাৰ লগত জড়িত চাৰি অভিযুক্তক ইতিমধ্যেই আটক কৰিছে । আটকাধীন কেইজন হৈছে অংশুমান দত্ত, বাবু ফুকন, ছানি ফুকন আৰু এগৰাকী যুৱতী ৷
সম্প্ৰতি আৰক্ষীয়ে এই ঘটনা বন্দী হোৱা কেইটামান চিচিটিভিৰ ফুটেজ চাবলৈ বাকী আছে বুলি মন্তব্য প্ৰকাশ কৰি কয় যে সেইকেইটা ফুটেজ চোৱাৰ পিচতেই আৰক্ষীয়ে দোষীক আইনগত শাস্তি প্ৰদান কৰিব ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে, তদন্তৰ পাচতহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব ৷ জানিব পৰাৰ মতে লিচুবাৰী আৰক্ষীয়ে আটকধানীক কেইজনক যোৰহাট সদৰ থানাত শীৰ্ষ বিষয়াৰ উপস্থিতত জেৰা অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: Pregnant Women Attack: যোৰহাটত গৰ্ভৱতী মহিলাক প্ৰহাৰ দুৰ্বৃত্তৰ দলৰ