ETV Bharat / state

Bharat yatra : যোৰহাটৰ পৰা আৰম্ভ ভাৰত যাত্ৰাৰ দ্বিতীয় দিনৰ কাৰ্যসূচীৰ

দেশজুৰি আৰম্ভ হোৱা 'ভাৰত যাত্ৰা' ৰ দ্বিতীয় দিনৰ যাত্ৰাৰ শুভাৰম্ভ যোৰহাটত । দুশৰো অধিক বাহনেৰে যোৰহাট পৰা শিৱসাগৰলৈ ভাৰত যাত্ৰা ৰেলী । এই যাত্ৰাৰ সামৰণি পৰিব নতুন দিল্লীত ।

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 2:58 PM IST

Bharat yatra
যোৰহাটৰ পৰা আৰম্ভ ভাৰত যাত্ৰাৰ দ্বিতীয় দিনৰ কাৰ্যসূচীৰ

যোৰহাট, 6 ছেপ্টেম্বৰ: পুৰণি পেন্সন নীতি বাহালৰ, ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰণ, শিক্ষানীতি-2020 ত সন্নিৱিষ্ট শিক্ষক বিৰোধী দফাসমূহ বাতিল কৰাৰ দাবীত অখিল ভাৰতীয় প্রাথমিক শিক্ষক সংঘৰ আহ্বানত শিক্ষক দিৱস অৰ্থাৎ 5 ছেপ্টেম্বৰৰ দিনাৰ পৰা মাহজোৰাকৈ দেশৰ চাৰিওকোণলৈ আৰম্ভ হ’ল ভাৰত যাত্ৰা ৷ অসম, ৱাঘা সীমান্ত, সোমনাথ আৰু কন্যাকুমাৰীৰপৰা আৰম্ভ হয় এই ‘ভাৰত যাত্রা’। এই যাত্ৰাৰ সামৰণি পৰিব নতুন দিল্লীত ।

গুৱাহাটী শিল্পগ্ৰামৰ পৰা আৰম্ভ হোৱা যাত্ৰাৰ দ্বিতীয় দিনা অৰ্থাৎ বুধবাৰে যাত্ৰাৰ ৰেলী যোৰহাটত উপস্থিত হয় । আজি অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ আহ্বানত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত যোৰহাট জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সৌজন্যত যোৰহাট কেন্দুগুৰি বাইপাছত 5 ছেপ্টেম্বৰৰ পৰা দেশজুৰি আৰম্ভ হোৱা "ভাৰত যাত্ৰা" ৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় । যোৰহাটৰ পৰা প্ৰায় দুশৰো অধিক বাহনেৰে শিৱসাগৰ অভিমুখে যাত্ৰা কৰা ৰেলীৰ নেতৃত্ব বহন কৰে অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ সম্পাদক কমলাকান্ত ত্ৰিপাঠীয়ে ।

গুৱাহাটীৰ পৰা আৰম্ভ হোৱা ৰেলীটো বুধবাৰে যোৰহাটত উপস্থিত হয় আৰু ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি অখিল নাথ আৰু সম্পাদক ৰাতুল গোস্বামী প্ৰমুখ্যে বিভিন্ন জিলাৰ একাধিক শিক্ষক উপস্থিত থাকে । এই প্ৰতিবাদী সমদল পোনে পোনে শিৱসাগৰ লৈ গতি কৰে । আজি শিৱসাগৰত অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ এক বিশাল সভা অনুষ্ঠিত হ'ব ।

উল্লেখ্য যে, 9 ছেপ্টেম্বৰত ভাৰত যাত্ৰাই কোকৰাঝাৰত শেষৰখন সভা সম্বোধন কৰি শ্ৰী ৰামপুৰ গেটত পশ্চিমবংগ সমিতিৰ হাতত যাত্ৰাৰ ৰথ অৰ্পণ কৰিব । ভাৰত যাত্ৰা কাৰ্যসূচীৰ প্ৰতি সদৌ অসম এন পি এছ কৰ্মচাৰী সন্থাৰ অন্তৰ্গত সংগঠনসমূহৰ উপৰি সদৌ অসম সন্মিলিত শিক্ষকসকলৰ অন্তৰ্গত 10 টা শিক্ষক সংগঠন, সদৌ অসম মাধ্যমিক শিক্ষক-কৰ্মচাৰী সন্থা, বেংক এমপ্ল’ইজ ফেডাৰেশ্যন (এন ই আৰ), গুৱাহাটী ডিভিজন ইন্সুওৰেন্স, আদি সংঘই সমৰ্থন জনাইছে ।

লগতে পঢ়ক: Dhubri ASTC : ASTC ৰ মাটি বণিক গোষ্ঠীক গটোৱাৰ বিৰুদ্ধে ধুবুৰীত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.