যোৰহাট, ২৮ ডিচেম্বৰ : যোৰহাটৰ লিচুবাৰী সেনাৰ উপ-আঞ্চলিক সেনা ছাউনিত গ্ৰেনেড বিস্ফোৰণত জড়িত থকাৰ অভিযোগত দুই যুৱকক আটক কৰিছে যোৰহাট আৰক্ষীয়ে । লগতে উক্ত স্থানত কূটাঘাতৰ সময়ত ব্যৱহাৰ কৰা পালছাৰ এনএছ বাইক এখনো উদ্ধাৰ কৰা হৈছে । ইতিমধ্যে আটক কৰা দুই যুৱকক লগত লৈ যোৰহাট আৰক্ষীয়ে বৰ্তমান ব্যাপক অভিযান অব্যাহত ৰাখিছে ।
তাৎপৰ্যপূৰ্ণ যে ১৪ ডিচেম্বৰ নিশা ৭.২১ বজাত বাইকত অহা সন্দেহযুক্ত আলফা স্বাধীনৰ দুই সদস্যই যোৰহাটৰ লিচুবাৰী সেনা ছাউনিত গ্ৰেনেড বিস্ফোৰণ সংঘটিত কৰি উক্ত স্থানৰ পৰা নিৰ্বিঘ্নে আঁতৰি যায় । পৰৱৰ্তী সময়ত উক্ত গ্ৰেনেড বিস্ফোৰণ সংঘটিত কৰা কথা স্বীকাৰ কৰে আলফা স্বাধীনে । আনহাতে, এই বিস্ফোৰণৰ ঘটনাই দেশৰ গৃহ বিভাগকো জোকাৰি যায় ।
যাৰ বাবে বিস্ফোৰণৰ তদন্ত কৰিবলৈ সেনা ছাউনিত উপস্থিত হয় ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ এনআইএ । আনহাতে, সেনা ছাউনিৰ গ্ৰেনেড বিস্ফোৰণ ঘটনাৰ পিছত আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভত সৰ্বত্ৰে ব্যাপক চৰ্চা লাভ কৰে । ইয়াৰ উপৰি সেনা ছাউনিত গ্ৰেনেড বিস্ফোৰণৰ লগতে উজনি অসমত সংঘটিত বিস্ফোৰণ ঘটনাক লৈ আলফা (স্বা) আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ মাজত আৰম্ভ হয় তীব্ৰ বাক-বিতণ্ডা ।
ইতিমধ্যে আলফা স্বাধীনৰ পুনৰ সক্ৰিয়তাৰ পিছত যোৰহাটৰ লগতে সমগ্ৰ ৰাজ্যতে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে । অৱশ্যে গ্ৰেনেড বিস্ফোৰণত জড়িত থকাৰ সন্দেহত যোৰহাট আৰক্ষীয়ে দুই যুৱকক আটক কৰাৰ সন্দৰ্ভত তদন্তৰ খাতিৰত কোনো কথা প্ৰকাশ কৰা নাই । অৱশ্যে যুৱক দুজনক আটক কৰাৰ পিছত কেনে ধৰণৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ।