ETV Bharat / state

যোৰহাটত গণ সংক্ৰমণঃ 17 জন লোক আক্ৰান্ত - মিঠাই দোকানৰ স্বত্বাধিকাৰী গৌতম ঘোষ

মিঠাই দোকানৰ স্বত্বাধিকাৰী গৌতম ঘোষৰ সৈতে একেলগে কেৰেম খেলিছিল অঞ্চলটোৰ কেইবাজনেও ৷ চাৰি দিন পূৰ্বে গৌতম ঘোষ কৰ'ণাত আক্ৰান্ত হোৱাৰ পাছতে তেওঁৰ সংস্পৰ্শলৈ অহা 25 জনকৈ লোকৰ স্বাৱ পৰীক্ষণ কৰা হয় ৷

Jorhat Rajamoidam
যোৰহাটত গণ সংক্ৰমণ
author img

By

Published : Jul 7, 2020, 2:22 PM IST

যোৰহাট, 7 জুলাই : যোৰহাট জিলাত কৰ'ণাৰ ভয়ানক গণ সংক্ৰমণ ৷ জিলাখনত নতুনকৈ কৰ'ণা আক্ৰান্ত 17 জনকৈ লোক ৷ জানিব পৰা মতে, চহৰখনৰ অন্তৰ্গত ৰজামৈডামস্থিত কালিস্থানৰ কৰ'ণাক্ৰান্ত গৌতম ঘোষৰ সংস্পৰ্শলৈ আহিছিল অঞ্চলটোৰ 17 জনকৈ লোক ৷ মিঠাই দোকানৰ স্বত্বাধিকাৰী গৌতম ঘোষৰ সৈতে একেলগে কেৰেম খেলিছিল অঞ্চলটোৰ কেইবাজনেও ৷ চাৰি দিন পূৰ্বে গৌতম ঘোষ কৰ'ণাত আক্ৰান্ত হোৱাৰ পাছতে তেওঁৰ সংস্পৰ্শলৈ অহা 25 জনকৈ লোকৰ স্বাৱ পৰীক্ষণ কৰা হয় ৷

লগতে পঢ়কঃ জলেশ্বৰত বানত ছিঙিল চিলাৰভিটা মথাউৰি

ইয়াৰ ভিতৰত 17 জন লোকৰ ফলাফল পজিটিভ আহে ৷ ইয়াৰে ১৫ জন লোক কালিস্থানৰ লগতে 2 জন নিউকলনিৰ বুলি জানিব পৰা গৈছে ৷ কৰ'ণাত আক্ৰান্ত ব্যক্তি কেইগৰাকীৰ ভিতৰত কোনো এজনৰো নাই ভ্ৰমণ বৃত্তান্ত ৷ ইফালে 17 জনকৈ লোকৰ দেহত কৰ'ণাৰ উপস্থিতি ধৰা পৰা পাছত সমগ্ৰ অঞ্চলত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ৷ উল্লেখযোগ্য যে, দ্ৰুত গতিত বৃদ্ধি পোৱা কৰ'ণা সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ যোৰহাট জিলা প্ৰশাসনে ৯ জুলাই পৰা ১৫ জুলাই লৈকে পুনৰ সম্পূৰ্ণ লক্​ ডাউনৰ ঘোষণা কৰিছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.