ETV Bharat / state

যোৰহাটত নতুনকৈ স্থাপন 11 টা কোৱাৰেণ্টাইন কেন্দ্ৰ - ভাৰতৰ ভিন্ন ৰাজ্য

মৰিয়নী ৰে'লৱে ষ্টেচনত অৱতৰণ কৰিছে ভাৰতৰ ভিন্ন ৰাজ্যৰ পৰা অহা ৩৭ গৰাকীকৈ যাত্ৰী । সকলো যাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত সম্প্ৰতি হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰোপৰি যোৰহাটত স্থাপন কৰা হৈছে 11 টাকৈ নতুন কোৱাৰেণ্টাইন কেন্দ্ৰ ।

11 new quarantine centre constructed in jorahat

author img

By

Published : May 14, 2020, 4:35 PM IST

যোৰহাট, 14 মে': ১২ মে'ৰ পৰা বহিঃৰাজ্যত আবদ্ধ লোকসকল ৰে'লযোগে ঘূৰি আহিছে অসমলৈ । দেশৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ থকা লোক সকল আহিছে ভিন্ন প্ৰান্ত ৰেড আৰু অ'ৰেঞ্জ জ'নৰ পৰা । গুৱাহাটীৰ পাচতে যোৰহাটৰ মৰিয়নীৰ ৰে'লৱে ষ্টেচনত নামিছে কিছু সংখ্যক লোক । ইতিমধ্যে যোৰহাট জিলা প্ৰশাসনে মৰিয়নীৰ ষ্টেচনত বিশেষ তৎপৰতা গ্ৰহণ কৰিছে । উজনি অসমৰ বিভিন্ন জিলাৰ লোক সকলৰ ভিতৰত বিশেষকৈ গোলাঘাট, যোৰহাট, মাজুলী আৰু শিৱসাগৰৰ লোকসকলে অৱতৰণ কৰিছে মৰিয়নীৰ ষ্টেচনত । ষ্টেচনতে যাত্ৰী সকলৰ বাবে কৰা হৈছে স্ক্ৰীনিঙৰ ব্যৱস্থা ।

যোৰহাটত স্থাপন 11 টাকৈ নতুন কোৱাৰেণ্টাইন কেন্দ্ৰ

১৩ মে'ৰ নিশাই উজনি মুৱা ৰে'লখন মৰিয়নী ষ্টেচন পোৱাৰ পিচত যোৰহাটৰ লগতে মাজুলী, গোলাঘাট, শিৱসাগৰৰ মুঠ ৩৭ গৰাকী যাত্ৰী অৱতৰণ কৰে । ইয়াৰ ভিতৰত যোৰহাটৰ ২০ গৰাকী, মাজুলীৰ 1 গৰাকী, ১৫ গৰাকী গোলাঘাটৰ আৰু ২ গৰাকী যাত্ৰী শিৱসাগৰৰ । সকলো যাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰে কৰ্তৃপক্ষৰ লোকে ।

উল্লেখ্য যে, যোৰহাট জিলাত নতুনকৈ ১১ টা কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপন কৰা হৈছে । পূৰ্বতে শিক্ষানুষ্ঠানত স্থাপন কৰা ১৪টা চৰকাৰী আৰু 8 টা পেইড কোৱাৰেণ্টাইন কেন্দ্ৰ উপলব্ধ আছিল যোৰহাটত । নতুনকৈ স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্ৰ সমূহ সমষ্টিয়ে সমষ্টিয়ে স্থাপন কৰা হৈছে বুলি উল্লেখ কৰে যোৰহাটৰ জিলা উপায়ুক্ত ৰশ্নি অপাৰঞ্জীয়ে । আনহাতে যোৰহাটৰ বিভিন্ন অঞ্চলত কৰ'ণা সংগ্ৰামত সন্মুখৰ শাৰীৰ পৰাই যুঁজ দি অহা কৰ্মচাৰী সকলক গাঁৱত প্ৰবেশ কৰিবলৈ নিদিয়া বিষয়টো গুৰুত্ব আৰোপ কৰি উপায়ুক্ত গৰাকীয়ে জনাই যে, যোৰহাটৰ সকলো কৰ'ণাৰ বিৰুদ্ধে যুঁজ দি থকা লোকৰ সম্পূৰ্ণ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

লগতে পঢ়কঃ বিউটি পাৰ্লাৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰত্যাহাৰৰ আহ্বান চৰকাৰক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.