হোজাই, 29মেঃ হোজাই জিলাৰ ডবকাত যমুনা নৈৰ বানত উটি গ'ল এজন যুৱক। যুৱকজন ডবকা চাংমাজী গাঁও পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ ৰহিম উদ্দিনৰ ২৫ বছৰীয়া পুত্ৰ ইকৰাম হুছেইন বুলি জানিব পৰা গৈছে ৷ বানত নিজৰ ঘৰ-দুৱাৰ পানীৰ তলত জাঁহ যোৱাৰ বাবে নিজৰ ঘৰৰ সন্মুখত সাঁকো নিৰ্মাণ কৰি আছিল যুৱকজনে ।
সাঁকো নিমাৰ্ণ কৰি থকা সময়তে প্ৰচণ্ড বানৰ সোঁতত উটি যায় যুৱকজন ৷ যুৱকজনক উদ্ধাৰৰ বাবে NDRF বাহিনীক খবৰ দিয়াৰ পিছতো ঘটনাস্থলীত সময়মতে উপস্থিত নোহোৱা ৰাইজে ৰাজপথলৈ আহি বিভাগটোৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ৷ ইপিনে এই ঘটনাই ডবকাত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷
লগতে পঢ়কঃ কয়লা খননৰ বিৰুদ্ধে তেজপুৰত তীব্ৰ প্ৰতিবাদ ছাত্ৰ সন্থাৰ