ETV Bharat / state

আদিবাসী হোজাই জিলা সমিতিৰ উদ্যোগত মানৱ শৃংখল কাৰ্যসূচী - Human chain

বিশ্ব আদিবাসী দিৱস উপলক্ষে সোমবাৰে সমগ্ৰ বিশ্বৰ লগতে অসমতো বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয় । ৰাজ্যৰ ভিন্ন প্ৰান্তত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে আদিবাসী ছাত্ৰ সন্থাই । হোজাইৰ শংকৰদেৱ নগৰতো সংগঠনটোৰ হোজাই জিলা সমিতিৰ উদ্যোগত ৰূপায়ণ কৰা হ'ল মানৱ শৃংখল কাৰ্যসূচী ।

World Indigenous Day observed at Hojai
হোজাইত আদিবাসী হোজাই জিলা সমিতিৰ উদ্যোগত মানৱ শৃংখল কাৰ্যসূচী
author img

By

Published : Aug 10, 2021, 10:41 AM IST

হোজাই, ১০ আগষ্ট: বিশ্বৰ বিভিন্ন দেশত বাস কৰা আদিবাসী লোকসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত প্ৰতিবছৰে ৯ আগষ্টৰ দিনটো বিশ্ব আদিবাসী দিৱস হিচাপে উদযাপন কৰা হয় । এইবাৰো আদিবাসী দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয় । অসমতো সদৌ আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত জিলাই জিলাই মানৱ শৃংখল কাৰ্যসূচী ৰূপয়ণ কৰা হয় । শংকৰদেৱ নগৰতো ৰূপায়ণ কৰা হয় এই কাৰ্যসূচী ।

সংগঠনটোৰ হোজাই জিলা সমিতিৰ উদ্যোগত ১ ঘণ্টীয়া মানৱ শৃংখল কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । বিশ্ব আদিবাসী দিৱসৰ লগত সংগতি ৰাখি শংকৰদেৱ নগৰৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰৈ এই কাৰ্যসূচী ৰূপায়ণ কৰে । শংকৰদেৱ নগৰৰ দুৰ্গা মন্দিৰৰ পৰা প্ৰায় ১ কিলোমিটাৰ বাট সমদল কৰি আহি হোজাই জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সমীপৰ পথৰ কাষত এই মানৱ শৃংখল কাৰ্যসূচী অনুষ্ঠিত কৰে । আদিবাসীসকলক শীঘ্ৰে জনজাতিৰ মৰ্যদা প্ৰদান কৰা, ভূমি পট্টা প্ৰদান কৰা, সুকীয়া উন্নয়ন পৰিষদ গঠন কৰা, দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰা, তেওঁলোকৰ বাবে বিশেষ টেট পৰীক্ষা পতাৰ ব্যবস্থা কৰাকে ধৰি কেইবাটাও দাবী উত্থাপন কৰে সংগঠনটোৰ সদস্যসকলে ।

আদিবাসী ছাত্ৰ সংগঠনটোৱে বছৰ বছৰ ধৰি এই দাবীসমূহ উত্থাপন কৰি আহিছে যদিও কোনো চৰকাৰে তেওঁলোকৰ দাবী পূৰণ কৰা নাই । ছাত্ৰ সংগঠনটোৰ অভিযোগ অনুসৰি, প্ৰতিখন চৰকাৰে কেৱল তেওঁলোকক প্ৰতিশ্ৰুতিহে দিছে । কিন্তু তেওঁলোকৰ সমস্যা সমাধানৰ প্ৰতি গুৰুত্ব দিয়া নাই ।

লগতে পঢ়ক:বিলাসীপাৰাত PMAY গৃহ নিৰ্মাণত লুণ্ঠনৰাজৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.