নিউজ ডেস্ক,30 জুলাইঃ সমাজত কিমান সুৰক্ষীত নাৰী । কেতিয়াবা যদি নাৰীৰ ওপৰত ধৰ্ষণ, কেতিয়াবা আকৌ যৌতুক বিচাৰি নিজ পত্নীকেই নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ আহিছে । তেনে এক নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হ'ল হোজাই জিলাৰ লংকাৰ লস্কৰ পথাৰত । ঘটনা সন্দৰ্ভত জানিব পৰা মতে, লংকাৰ দক্ষিণ লস্কৰ পথাৰৰ তাহেৰা বেগম নামৰ এগৰাকী যুৱতীক প্ৰেমৰ জালত পেলাই চাৰি বছৰৰ পূৰ্বে পলুৱাই লৈ গৈছিল উত্তৰ লস্কৰ পথাৰৰ মনোৱাৰ হুছেইন নামৰ এজন যুৱকে । প্ৰথম অৱস্থাত দুয়োৰে মাজত সম্পৰ্ক ঠিকেই আছিল যদিও দিন বাগৰি যোৱাৰ লগে লগে যৌতুক বিচাৰি দুটি সন্তানৰ মাতৃ তাহেৰা বেগমক বিভিন্ন ধৰণে শাৰীৰিক তথা মানসিক অত্যাচাৰৰ চলাৱলৈ ধৰিলে স্বামী আৰু স্বামীৰ পৰিয়ালে ।
আনহাতে আজিৰ পৰা চাৰি মাহ পূৰ্বে স্বামী পৰিয়ালে দুই সন্তানসহ তাহেৰা বেগমক মাৰ পিত কৰি থৈ গৈছিল মাতৃ গৃহত । ইপিনে সামাজিক ভাবে গাঁৱৰ ৰাইজে উক্ত ঘটনা সন্দৰ্ভত বিচাৰ কৰিছিল যদিও বিচাৰৰ দিনাই স্বামী পৰিয়ালে তাহেৰা বেগমক ৰাইজৰ মাজতে অপদস্থ কৰে । সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তাহেৰা বেগমে লংকা আৰক্ষী থানাত স্বামী পৰিয়ালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। কিন্তু বৰ্তমানলৈকে আৰক্ষীৰ পৰা কোনো সহাৰি নাপাই বৰ্তমান তাহেৰাৰ মাতৃ পৰিয়ালে কাষ চাপিছে সংবাদ মাধ্যমৰ। সংবাদ মাধ্যমৰ জৰিয়তে পৰিয়ালটোক ন্যায় প্ৰদান কৰিবলৈ আৰক্ষীক অনুৰোধ জনায় ।
লগতে পঢ়কঃ চৰকাৰী চাকৰিৰ প্ৰতি আশা ভংগ বহু নিবনুৱাৰ!