ETV Bharat / state

এবছৰীয়া কন্যা সন্তানক লৈ চলন্ত ৰে'লৰ আগত জঁপিয়াই মাতৃৰ আত্মহত্যা

author img

By

Published : Aug 9, 2019, 7:20 PM IST

হোজাই জিলাৰ লংকাৰ ২নং ৰে'ল গেটত সংঘটিত এক শোকাৱহ ঘটনা

হোজাই জিলা
  • এবছৰীয়া কন্যাক কোলাত লৈ ৰে'লৰ আগত জপিয়াই আত্মহত্যা মাতৃৰ
  • হোজাই জিলাৰ লংকাৰ ২নং ৰে'লৱে গেটত সংঘটিত এক শোকাৱহ ঘটনা
  • উজনীমুৱা অৱধ অসম এক্সপ্ৰেছ ৰে'লৰ আগত কন্যাৰ সৈতে আত্মহত্যা মাতৃৰ
  • ৰে'লৰ চিৰিৰ ওপৰত ছিন্ন-ভিন্ন অৱস্থাত পৰি ৰ'ল মাতৃ কন্যাৰ নিথৰ দেহ
  • বৰ্তমানলৈকে পৰিচয় ওলোৱা নাই মাতৃ আৰু সন্তানৰ
  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত
    হোজাই জিলা

  • এবছৰীয়া কন্যাক কোলাত লৈ ৰে'লৰ আগত জপিয়াই আত্মহত্যা মাতৃৰ
  • হোজাই জিলাৰ লংকাৰ ২নং ৰে'লৱে গেটত সংঘটিত এক শোকাৱহ ঘটনা
  • উজনীমুৱা অৱধ অসম এক্সপ্ৰেছ ৰে'লৰ আগত কন্যাৰ সৈতে আত্মহত্যা মাতৃৰ
  • ৰে'লৰ চিৰিৰ ওপৰত ছিন্ন-ভিন্ন অৱস্থাত পৰি ৰ'ল মাতৃ কন্যাৰ নিথৰ দেহ
  • বৰ্তমানলৈকে পৰিচয় ওলোৱা নাই মাতৃ আৰু সন্তানৰ
  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত
    হোজাই জিলা
Intro:মাতৃৰ কোলাত 1 বছৰীয়া কন্যা সন্তানক লৈ চলন্ত ৰেলৰ আগত জঁপিয়াই আত্মহত্যা। Body:দুখদায়ক, বেদনাদায়ক, নৃশংস বলিদান মাতৃৰ কোলাত 1 বছৰীয়া কন্যা সন্তানক লৈ চলন্ত ৰেলৰ আগত জঁপিয়াই আত্মহত্যা।


কিমাদ দুখ বেদনা হলে এগৰাকী মাতৃয়ে নিজৰ 1 বছৰীয়া শিশুটোক বুকুত লৈ ৰেলৰ আগত পৰি মৃত্যু হব পাৰে। হোজাই জিলা লংকাৰ ২নং ৰেলৱে গেইটত সংঘটিত হল এক কৰুণ শোঁকাবহ ঘটনা । নিজৰ এবছৰীয়া সন্তানক কোলাতলৈ এগৰাকী মাতৃৰ আত্মজাঁহ দিলে
উজনীমূৱা অবধ অসম এক্সপ্ৰেছ ৰেলৰ আগত । ৰেলৰ চিৰিৰ ওপৰত চিন্নভিন্ন অৱস্থাত পৰি থকা মাতৃৰ মৃতদেহৰ কিছু আতৰত পৰি থকা কনমানি সন্তানৰ মৃতদেহৰ দৃশ্যই উপস্থিত সকলোকে কন্দোৱাই তুলিলে ।কনমানিটিৰ কাষত পৰি ৰৈছে এটি বিস্কুটৰ পেকেটো ।মাতৃ আৰু সন্তানৰ মৃতদেহৰ পৰিচয় উদ্ধাৰ হোৱা নাই এই পৰ্যন্ত । ঘটনাৰ কাষত থকা ২নং ৰেলগেইটৰ গেইটমেনৰ সন্মুখতে সংঘটিত হল এই ঘটনাটো ।সংঘটিত ঘটনাৰ পিছত মৃতদেহৰ ওপৰেদি পাৰ হৈ গৈছে কেইবাখনো ৰেল । আচলতে কিমান দুখ বেদনাৰ বাবে এগৰাকী মাতৃয়ে এনে আত্মহত্যা কৰিব পাৰে। কি কাৰণে এইদৰে আত্মহত্যা কৰিলে সকলো তথ্যৰ বাবে অতি আগ্ৰহেৰে বাট চাই আছে সকলোৱে। বৰ্তমানলৈ ৰেল আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানেও কোনো ধৰণৰ তথ্য ফাদিল কৰিব পৰা নাই । বৰ্তমানেও লংকাত এই মৰ্মান্তৰিক ঘটনাই সকলোকে আচৰিত কৰি তুলিছে।



Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.