ETV Bharat / state

হোজাইত মহিলা নিৰ্যাতন : সহায়ৰ বাবে আগুৱাই আহিল প্ৰনিতা মৰাং

বৰ্তমান উপায়ন্তৰ হৈ আইনৰ কাষ চাপিছে ভুক্তভোগী মহিলাগৰাকী ৷ অধিবক্তাসকলৰ হাতে-ভৰিয়ে ধৰি সহায়ৰ বাবে আহ্বান জনাইছে মহিলাগৰাকীয়ে ৷ ইফালে আদালত চৌহদত মহিলাগৰাকীক প্ৰত্যক্ষ কৰে হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ সম্পাদিকা তথা ন্যায়িক দণ্ডাধীশ প্ৰনিতা মৰাঙে ৷ অৱশেষত প্ৰনিতা মৰাঙৰ নিৰ্দেশত পেনেল অধিবক্তা ৰোহিনা ৱাৰিছ আৰু দীপক দেৱনাথে মহিলাগৰাকীক বিনামূলীয়া আইনী সাহাৰ্য প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে ৷

Hojai
হোজাই
author img

By

Published : Aug 7, 2020, 4:26 PM IST

হোজাই, 7 আগষ্ট : ন্যায় বিচাৰি হোজাই জিলাৰ শংকৰদেৱ নগৰ আদালতত উচুপিছে এগৰাকী মহিলাই ৷ দৰাচলতে, বিবাহপাশত আৱদ্ধ নোহোৱাকৈ ৰঞ্জিত দাস নামৰ এজন লোকৰ সৈতে লামডিঙত তিনি বছৰ ধৰি সংসাৰ কৰি আছিল মহিলাগৰাকীয়ে ৷ পূৰ্বৰ স্বামীক এৰি পুত্ৰৰ সৈতে ৰঞ্জিত দাসৰ লগত থকা মহিলাগৰাকীয়ে পৰৱৰ্তী সময়ত জন্ম দিয়ে এটি কন্যা সন্তান ৷ কিন্তু কন্যাৰ জন্মৰ পাছতে ৰঞ্জিতৰ অত্যাচাৰৰ বলি হয় ভুক্তভোগী মহিলাগৰাকী ৷

হোজাইত নিৰ্যাতিত মহিলা

মহিলাগৰাকীৰ ভাষ্য অনুসৰি, প্ৰায়ে মহিলাগৰাকীৰ ওপৰত অকথ্য নিৰ্যাতন চলাইছিল ৰঞ্জিত দাসে ৷ কিছুদিন পূৰ্বে কামৰ অজুহাতত মহিলাগৰাকীক এৰি যায় ৰঞ্জিত দাসে ৷ পূৰ্বৰ স্বামীৰ পুত্ৰৰ সৈতে মহিলাগৰাকীক এৰি নিজ কন্যাক লৈ উধাও হয় ৰঞ্জিত দাস ৷ ইফালে দীৰ্ঘদিন ধৰি ৰঞ্জিত ঘৰলৈ উভতি নহাত ৰঞ্জিতৰ গৃহত উপস্থিত হয় ভুক্তভোগী মহিলা ৷ কিন্তু শহুৰেকৰ পৰিয়ালেও মাৰপিট কৰি মহিলাগৰাকীক ঘৰৰ পৰা খেদি পঠিয়াই বুলি জানিবলৈ দিয়ে মহিলাগৰাকীয়ে ৷

লগতে পঢ়কঃ জনপ্ৰতিনিধিক ভোট নিদিয়াৰ বাবেই জীয়াতু ভুগিছে এখন গাঁৱৰ ৰাইজে

বৰ্তমান উপায়ন্তৰ হৈ আইনৰ কাষ চাপিছে ভুক্তভোগী মহিলাগৰাকী ৷ অধিবক্তা সকলৰ হাতে ভৰিয়ে ধৰি সহায়ৰ বাবে আহ্বান জনাইছে মহিলাগৰাকীয়ে ৷ ইফালে
আদালত চৌহদত মহিলাগৰাকীক প্ৰত্যক্ষ কৰে হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ সম্পাদিকা তথা ন্যায়িক দণ্ডাধীশ প্ৰনিতা মৰাঙে ৷ অৱশেষত প্ৰনিতা মৰাঙৰ নিৰ্দেশত পেনেল অধিবক্তা ৰোহিনা ৱাৰিছ আৰু দীপক দেৱনাথে মহিলাগৰাকীক বিনামূলীয়া আইনী সাহাৰ্য প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে ৷

ইতিমধ্যে হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ তৎপৰতাত মহিলাগৰাকীয়ে ৰঞ্জিত দাস আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে লংকা থানাত গোচৰ ৰুজু কৰিছে ৷ লগতে হোজাই জিলা আইনসেৱা প্ৰাধিকৰনে নিজাববীয়াকৈ ৰুজু কৰিছে আন এটা গোচৰ ৷ সম্প্ৰতি হোজাই জিলা আইনসেৱা প্ৰাধিকৰণে মহিলাগৰাকীক উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ প্ৰেৰণ কৰিছে ৷

উল্লেখ্য যে আজিৰ পৰা ৭ বছৰ পূৰ্বে কৰিমগঞ্জৰ সন্তোষ সিকদাৰ নাম লোকজনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ভুক্তভোগী মহিলাগৰাকী ৷ কিন্তু স্বামীৰ নিৰ্যাতনত অতিষ্ঠ হৈ মহিলাগৰাকী পিতৃগৃহলৈ গুছি আহে ৷ তাৰ পিছতে ৰঞ্জিত দাসে প্ৰেমসূত্ৰে পলুৱাই নিছিল মহিলাগৰাকীক ৷
লগতে পঢ়কঃ এতিয়াও জলমগ্ন ৰাজ্যৰ 10 খন জিলাৰ 158 গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.