হোজাই, 7 জানুৱাৰী: "মোৰ প্ৰাপ্য টকাকেইটা নাপালে মোৰ ল’ৰা ছোৱালীকেইটাই পেটত গামোচা বান্ধিব লাগিব ৷ মোৰ চলিবলৈ বহুত কষ্ট হৈছে, মই মোৰ টকাকেইটা নাপালে আত্মহত্যাৰ পথ বাচি লবলৈ বাধ্য হ’ম ৷" অসমৰ গ্ৰাহকৰ প্ৰবঞ্চনাৰ বলি হৈ হোজাইত পশ্চিমবংগৰ নাৰ্ছাৰী ব্যৱসায়ীয়ে এই মন্তব্য কৰে ৷ কেমেৰাৰ সন্মুখতেই কান্দোনত ভাগি পৰে পশ্চিমবংগৰ ব্যৱসায়ী আব্দুল মন্নান মণ্ডল ৷
আপুনি নাৰ্ছাৰীৰ ব্যৱসায় কৰে নেকি, যদি কৰে তেনেহলে সাৱধান হওক (Assam fraud customer)৷ আপুনিও বলি হ’ব পাৰে প্ৰৱঞ্চকৰ ৷ হোজাইত উপস্থিত হ’লহি প্ৰবঞ্চনাৰ বলি হোৱা পশ্চিমবংগৰ ব্যৱসায়ী (West Bengal nursery owner falls prey) ৷
ঘটনা অনুসৰি হোজাইৰ উদালীস্থিত এখন নাৰ্ছাৰী স্বত্বাধিকাৰী মুজ্জামিল নামৰ ব্যক্তিগৰাকীয়ে পশ্চিমবংৰ ৰুমা এন্টাৰপ্ৰাইজ নামৰ নাৰ্ছাৰীখনৰ স্বত্বাধিকাৰী আব্দুল মন্নান মণ্ডল নামৰ লোকজনৰ পৰা মুঠ ৬,২৭,০০০ টকাৰ আম গছৰ পুলি ক্ৰয় কৰিছিল ৷ কিন্তু মুজ্জামিলে গছ পুলি ক্ৰয় কৰাৰ বাবদ দিবলগীয়া ধন পৰিশোধ নকৰি এখন 50 হাজাৰ টকাৰ চেক লোকজনক প্ৰদান কৰি থৈ আহে ৷ মুজ্জামিলে ব্যৱসায়ীগৰাকীক আমিনা খাতুন নামৰ মহিলাগৰাকীৰ বেংক একাউণ্টৰ নামেৰে চেকখন প্ৰদান কৰিছিল ৷
তাৰ পিচতে মণ্ডলে বেংকত চেকখন জমা দিওঁতেই চেকখন বাউঞ্চ হয় ৷ পুনৰবাৰ চেকখন বেংকত জমা দিয়াত একেই ফলাফল ওলোৱাত বিপাঙত পৰে লোকজন ৷ বাউঞ্চ চেক দেখি বিমোৰত পৰি আব্দুলে পশ্চিমবংগৰ পৰা উদালিলৈ আহি মুজ্জামিলৰ সন্ধান কৰে ৷
হোজাইৰ ভালেকেইজন স্থানীয় নাৰ্ছাৰীৰ স্বত্বাধিকাৰীৰ লগত তেওঁ মুজ্জামিলক বিচাৰি কথা পাতে যদিও কোনো শুংসূত্ৰ নাপায় ৷ অৱশেষত উপাই নাপায় হোজাইৰ উদালী আৰক্ষী পহৰা চকীত উপস্থিত হৈ পশ্চিমবংগৰ পৰা অহা নাৰ্ছাৰীৰ স্বত্বাধিকাৰীগৰাকীয়ে এক গোচৰ ৰুজু কৰিছে ৷ অৱশ্যে পৰৱৰ্তী সময়ত উদালী আৰক্ষীয়ে স্বত্বাধিকাৰীজনক (FIR Against Fraud customer) ন্যায় প্ৰদান কৰে নে নাই সেয়া হ'ব লক্ষণীয় ৷
লগতে পঢ়ক: Encounter in Barpetaroad: বেহু ফালি পলায়নৰ চেষ্টা কৰি আৰক্ষীৰ গুলীত ধৰাশায়ী ড্ৰাগছ ব্যৱসায়ী