ETV Bharat / state

ন্যায়ৰ অপেক্ষাত 15 বছৰ অতিক্ৰম কৰিলে কাৰ্বি-ডিমাছা সংঘাতৰ ভুক্তভোগীয়ে - দুৰ্ভাগ্যজনক

2005 চনৰ 17 অক্টোবৰত কাৰ্বি আৰু ডিমাছা সম্প্ৰদায়ৰ মাজত হোৱা ভাতৃঘাটি সংঘাতৰ সুযোগ লৈ সংঘটিত হৈছিল পশ্চিম কাৰ্বি আংলঙৰ ছাৰচিম-প্ৰিচেকত এক শিহৰণকাৰী গণহত্যাৰ ঘটনা । এই গণহত্যাত অচিনাক্ত দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুৱাইছিল শিশু-মহিলাকে ধৰি 41 গৰাকীকৈ নিৰীহ লোকে । দেওবাৰে আয়োজন কৰা শোঁক দিৱস কাৰ্যসূচীৰ জৰিয়তে মৌন প্ৰাৰ্থনা-শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙসহ কাৰ্বি পৰিষদৰ বৃহৎ সজাতি দলৰ লগতে বিভিন্ন দল সংগঠন আৰু অন্য ৰাজনৈতিক দলসমূহে ।

Victims of Karbi-Dimasa conflict after 15 years waiting for justice
মৌণ প্ৰাৰ্থনা আৰু শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ দৃশ্য
author img

By

Published : Oct 18, 2020, 2:15 PM IST

হোজাই, 18 অক্টোবৰ : 2005 চনৰ 17 অক্টোবৰত কাৰ্বি আৰু ডিমাছা সম্প্ৰদায়ৰ মাজত হোৱা ভাতৃঘাটি সংঘাতৰ সুযোগ লৈ সংঘটিত হৈছিল পশ্চিম কাৰ্বি আংলঙৰ ছাৰচিম-প্ৰিচেকত এক শিহৰণকাৰী গণহত্যাৰ ঘটনা । এই গণহত্যাত অচিনাক্ত দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুৱাইছিল শিশু-মহিলাকে ধৰি 41 গৰাকীকৈ নিৰীহ লোকে

Victims of Karbi-Dimasa conflict after 15 years waiting for justice
মৌণ প্ৰাৰ্থনা আৰু শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ দৃশ্য

উল্লেখযোগ্য যে, বিগত বৰ্ষসমূহৰ দৰে চলিত বৰ্ষতো উক্ত পাশৱিক গণহত্যাত প্ৰাণ হেৰুওৱা লোক সকলক স্মৰণ কৰি ৰাষ্ট্রীয় শোঁক দিৱস পালন কমিটীৰ উদ্যোগত দেওবাৰে আয়োজন কৰা শোঁক দিৱস কাৰ্যসূচীৰ জৰিয়তে মৌণ প্ৰাৰ্থনা-শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙসহ কাৰ্বি পৰিষদৰ বৃহৎ সজাতি দলৰ লগতে বিভিন্ন দল সংগঠন আৰু অন্য ৰাজনৈতিক দলসমূহে ।

ইফালে, স্মৃতিস্থলীত প্ৰাণ হেৰুওৱা লোকৰ সোঁৱৰণিত ইতিমধ্যে নিৰ্মাণ কৰি তোলা এটা ৰাজহুৱা প্ৰেক্ষাগৃহৰো শুভ উদ্বোধন কৰে কাৰ্বি পৰিষদৰ সজাতি দলটোয়ে । ইয়াৰ পিচতে অনুষ্ঠিত হোৱা ৰাজহুৱা শোকসভা আৰু এই সভাৰ জৰিয়তে ভাষণ প্ৰসংগত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰঙহাঙে স্মৃতিস্থলীত এখন ৰাজহুৱা উদ্যানৰ লগতে প্ৰাণ হেৰুওৱা নিৰীহ লোকসকলৰ স্মৃতিত তেওঁলোকৰ আৱক্ষমূৰ্তি নিৰ্মাণ কৰাৰ আশ্বাস প্ৰদান কৰে ।

লগতে পঢ়ক : নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পলৈ গোপনে সৰবৰাহ নিৰ্মান সামগ্ৰীঃ নাওবৈচাত উত্তপ্ত পৰিস্থিতি

উল্লেখযোগ্য যে, উক্ত দিনটোত অচিনাক্ত দুৰ্বৃত্তই জেৰিকীন্দেঙৰ পৰা লংকা-ডিফু অভিমুখে অহা কাৰ্বি স্বায়ত্ব পৰিষদৰ অধীনৰ দুখন যাত্ৰীবাহী বাছ ছাৰচিমত বাট আগুচি ধৰি বাছ দুখনত থকা কাৰ্বি সম্প্ৰদায়ৰ যাত্ৰীসকলক গাড়ীৰ পৰা নমাই এফালৰ পৰা ঘপিয়াই ঘপিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল । উক্ত হত্যাকাণ্ডত নিৰীহ পুৰুষ-মহিলা, বৃদ্ধ-বৃদ্ধাৰ লগতে কণমাণি শিশুলোকেও নিজৰ প্ৰাণ হেৰুৱাইছিল। আনকি, ইয়াৰ পিচতো দলটোৱে ক্ষান্ত নাথাকি প্ৰিচেক নামৰ গাঁওখনত উপস্থিত হৈ গাঁওখনৰ নিৰীহ লোকৰ লগত মাৰানাস্ত্ৰৰে গুলিয়াই হত্যা 41 গৰাকীকৈ লোকক ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে আজিও মুকলি আকাশৰ তলত সেই অচিনাক্ত দুৰ্বৃত্তৰ সদস্য সকল । উচিত ন্যায় লাভ কৰিবলৈ সক্ষম হোৱা নাই ভুক্তভোগী পৰিয়ালৰ সদস্যই। সেই সকল লোকে ন্যায় লাভৰ আশাত আজিও আশাবাদী ।

লগতে পঢ়ক : নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ জলমগ্ন হায়দৰাবাদৰ বিস্তৰ অঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.