ETV Bharat / state

Hojai Road accident : থিতাতে মৃত্যু দুজনৰ

author img

By

Published : Nov 27, 2021, 12:53 PM IST

হোজাইত শুকুৰবাৰে সংঘটিত হয় এক পথ দুৰ্ঘটনা(Hojai Road accident) ৷ এই দুৰ্ঘটনাৰ ফলত থিতাতে প্ৰাণ হেৰুৱায় দুজনকৈ লোকে ৷

hojai-road-accident-at-27no-national-highway
Hojai Road accident : থিতাতে মৃত্যু হয় দুজনৰ

হোজাই, 27 নৱেম্বৰ : হোজাই-লংকা সংযোগী 27 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা(Hojai Road accident) ৷ শুকুৰবাৰে সন্ধিয়া সংঘটিত হোৱা এই পথ দুৰ্ঘটনাত দুজন লোকৰ থিতাতে মৃত্যু হয়(Two people died on spot) ৷

জানিব পৰা মতে, শুকুৰবাৰে এ এছ 09/ডি-6328 নম্বৰৰ বলেৰ' গাড়ীখনেৰে বিভাগীয় কাম কৰিবলৈ নিহত গুলচন টেৰণ আৰু মংগলছিং টকবি ডিফুৰ পৰা পশ্চিম কাৰ্বি আংলং অভিমুখে গৈ আছিল । কিন্তু দুৰ্ভাগ্যৱশতঃ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই লামডিঙৰ পৰা পঁচিশ কিল’মিটাৰ নিলগত থকা এটা কালভার্টৰ ৰেলিঙত খুন্দা মাৰে । ফলত গাড়ীখনৰ আৰোহী দুজনৰ থিতাতে মৃত্যু হয় ৷

এই খবৰ লাভ কৰা মাত্ৰকে ঘটনাস্থলীত লামডিং আৰু উদালী থানাৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰে ৷ তদুপৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লামডিঙলৈ নিহত ব্যক্তি দুজনৰ মৃতদেহ দুটা নিয়াৰ ব্যৱস্থা কৰে ৷

তথ্য অনুসৰি, গুলচন টেৰণ কাৰ্বি আংলং জিলা জলসিঞ্চন বিভাগৰ হামৰেণ উপ সংমণ্ডলৰ সহকাৰী অভিযন্তা আৰু মংগলছিং টকবি একেটা বিভাগৰে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৷ তীব্ৰ গতিবেগৰ বাবেই গাড়ীখন দুর্ঘটনাত পতিত হয় বুলি প্ৰত্যক্ষদৰ্শীয়ে জনায় ৷

লগতে পঢ়ক : Jayanagar Road accident : গাখীৰৰ ভানত উদণ্ড যুৱকৰ তীব্ৰবেগী বাহনৰ খুন্দা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.