ETV Bharat / state

কংগ্ৰেছৰ বিৰুদ্ধে অপপ্ৰচাৰ চলিছে: সাংসদ প্ৰদ্যুৎ বৰদলৈ

author img

By

Published : May 1, 2022, 1:10 PM IST

ৰাজ্যত অনুষ্ঠিত হৈ যোৱা গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত কংগ্ৰেছ দলৰ শোচনীয় পৰাজয়ৰ পিছতে কংগ্ৰেছ দলৰ বিৰুদ্ধে চলা অপপ্ৰচাৰৰ বিৰুদ্ধে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৷ কংগ্ৰেছৰ কোনো নেতা বিধায়ক দল এৰি নাযায় ৷ মোৰাঝাৰ জামে মছজিদৰ ইফতাৰ অনুষ্ঠানত উপস্থিত থাকি কংগ্ৰেছ দলৰ হৈ সাংসদগৰাকীয়ে কৰিলে এই মন্তব্য (Assam MP Pradyut Bordoloi at Doboka) ৷

There is propaganda against Congress says Assam MP Pradyut Bordoloi
কংগ্ৰেছৰ বিৰুদ্ধে অপপ্ৰচাৰ চলিছে : প্ৰদ্যুৎ বৰদলৈ

হোজাই, 1 মে : কংগ্ৰেছৰ কোনো নেতা বিধায়ক দল এৰি নাযায় ৷ ডবকাৰ মোৰাঝাৰত এই দাবী কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ৷ সাংসদগৰাকীয়ে লগতে কয় যে, "মোৰ বিৰুদ্ধে তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বিৰুদ্ধে অপপ্ৰচাৰ চলিছে (There is propaganda against Congress says Pradyut Bordoloi) ৷ কংগ্ৰেছৰ কোনো নেতা-বিধায়ক দল এৰি ক'তো নাযায় ৷"

উল্লেখ্য যে, হোজাই জিলাৰ যমুনামুখ সমষ্টিৰ অন্তৰ্গত মোৰাঝাৰ জামে মছজিদত শনিবাৰে কংগ্ৰেছৰ উদ্যোগত এক সমূহীয়া ইফতাৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল ৷ সমূহীয়া ইফতাৰ অনুষ্ঠানত উপস্থিতি হৈ সাংসদগৰাকীয়ে সকলোকে পৱিত্ৰ ৰমজান আৰু ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে ৷

তেওঁ ইফতাৰ অনুষ্ঠানটোত বিজেপি মিত্ৰজোঁটৰ চৰকাৰকো কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ মূল্যবৃদ্ধিৰ কাৰণে তেওঁ বৰ্তমানৰ চৰকাৰ জগৰীয়া কৰে ৷ বিশেষকৈ ঈদৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি সন্দৰ্ভত চৰকাৰৰ ব্যৰ্থতা বুলি মন্তব্য কৰে ৷ তেওঁ কয় যে,- "চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে বিষয়টো গুৰুত্ব সহকাৰে ল’ব লাগে ৷"

উল্লেখ্য যে, মোৰাঝাৰ মণ্ডল কংগ্ৰেছৰ উদ্যোগত মোৰাঝাৰ বজাৰ জামে মছজিদত আয়োজিত ইফতাৰত উপস্থিত হৈ সাধাৰণ ৰাইজৰ সৈতে ইফতাৰৰ আমেজ লৈ সুখ অনুভৱ কৰা বুলি কয় বৰদলৈয়ে (Assam MP Pradyut Bordoloi at Doboka) ৷ এই ইফতাৰৰ সময়ত ৰাইজৰ লগতে সমূহীয়া দোৱাত ভাগ লয় সাংসদগৰাকীয়ে ৷ ইফালে, উক্ত অনুষ্ঠানত কংগ্ৰেছ দলৰ যুৱ নেতা ৰেহান উদ্দিনকে আদি কৰি কেইবা শতাধিক লোক উপস্থিত থাকে ৷

লগতে পঢ়ক : কংগ্ৰেছ দল এতিয়াও নিশেষ হৈ যোৱা নাই : গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.