হোজাই, 20 নৱেম্বৰ: হোজাই জিলাৰ বৰদলঙত বহস্পতিবাৰে নিশা সংঘটিত হয় চুৰিকাণ্ডৰ ঘটনা ৷ অঞ্চলটোত থকা "মা বৰভূঞা" নামৰ নাৰ্চাৰী খনত সংঘটিত হয় এই চুৰিকাণ্ডটো ৷ নাৰ্চাৰীখন তহিলং কৰি চোৰে নিলে বিভিন্ন মূল্যবান প্ৰজাতিৰ ফুলৰ পুলিকে ধৰি এটা পানীৰ পাম্প ৷
চুৰি হোৱা ভিন্ন প্ৰজাতিৰ ফুলৰ পুলি সমূহৰ মূল্য প্ৰায় 2 লক্ষাধিক টকা হ'ব বুলি নাৰ্চাৰীখনৰ স্বত্বাধিকাৰী ইদ্ৰিছ আলীয়ে জানিবলৈ দিয়ে ৷ ইতিমধ্যে চুৰিকাণ্ডৰ সংক্ৰান্তত লংকা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে নাৰ্চাৰীখনৰ ভুক্তভোগী স্বত্বাধিকাৰীজনে ৷
লগতে পঢ়কঃ কলগাছিয়াৰ খাৰবাল্লীত টুলুঙা নাৱেৰে বিপদ সংকুল যাত্ৰা