ETV Bharat / state

হোজাইৰ ষ্টাৰ হেল্থ হাস্পতালত উত্তপ্ত পৰিস্থিতি ; স্বত্বাধিকাৰীৰ বিৰুদ্ধে অভিযোগ চিকিৎসকৰ - স্বত্বাধিকাৰী ডাঃ সুমিত দাসৰ বিৰুদ্ধে অভিযোগ

হোজাইৰ ষ্টাৰ হেল্থ হাস্পতালৰ স্বত্বাধিকাৰী ডাঃ সুমিত দাসৰ বিৰুদ্ধে অভিযোগ হাস্পতালখনৰে চিকিৎসকৰ । হাস্পতাল কৰ্তৃপক্ষই ৰোগীৰ পৰা প্ৰয়োজনতকৈ অধিক বিল সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিলে ডাঃ স্মিতা ভৌমিকে । হাস্পতালতে তৰ্কাতৰ্কিত লিপ্ত হ'ল দুয়োগৰাকী চিকিৎসক(Tensed situation in Star health care Hospital) ।

Tensed situation in Star health care Hospital in Hojai
হোজাইৰ ষ্টাৰ হেল্থ হাস্পতালত উত্তপ্ত পৰিস্থিতি
author img

By

Published : Dec 18, 2021, 6:05 PM IST

হোজাই, ১৮ ডিচেম্বৰ : শুকুৰবাৰে হোজাইস্থিত ষ্টাৰ হেল্থ হাস্পতালত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয় । হাস্পতালখনৰ এগৰাকী মহিলা চিকিৎসক আৰু হাস্পতালৰ স্বত্বাধিকাৰী ডাঃ সুমিত দাসৰ বাত-বিতণ্ডা হয়(Unpleasant situation in Star health care Hospital) । অৱশেষত হোজাই আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । ডাঃ স্মিতা ভৌমিক নামৰ চিকিৎসকগৰাকীয়ে হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে উত্থাপন কৰিছে কেইবাটাও গুৰুতৰ অভিযোগ ।

তেওঁৰ অভিযোগ অনুসৰি, বিগত কেইবা বছৰ ধৰি হাস্পতাল কৰ্তৃপক্ষই ৰোগীৰ পৰা প্ৰয়োজনতকৈ অধিক বিল সংগ্ৰহ কৰি আহিছে(Complaint against Star Health Care Hospital owner) । ক'ভিড মহামাৰীৰ সংক্ৰমণ অব্যাাহত থকাৰ সময়তো ৰোগীৰ পৰা ৮০ হাজাৰ পৰ্য্যন্ত কনছালটেছন মাচুল আদায় লোৱাৰ অভিযোগ উত্থাপন হৈছে হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে । ডাঃ স্মিতা ভৌমিকৰ মতে, চাৰ্লিন ৰংপিপি নামৰ এগৰাকী ৰোগীক আন এখন হাস্পতাললৈ ৰেফাৰ কৰাৰ বাবেই তেওঁক ষ্টাৰ হেল্থ হাস্পতালৰ স্বত্বাধিকাৰী ডাঃ সুমিত দাসে চাকৰিৰ পৰা অব্যাহতি দিয়াৰ ভাবুকি ভৰা মেছেজ প্ৰেৰণ কৰিছে(Dr. Smita Bhowmik against Dr. Sumit Das) । হাস্পতালখনত কৰ্মৰত সকলো ডাক্তৰৰ নামতেই ৰোগীৰ পৰা অধিক বিল আদায় কৰাৰো অভিযোগ উত্থাপিত হৈছে ডাঃ সুমিত দাসৰ বিৰুদ্ধে ।

হোজাইৰ ষ্টাৰ হেল্থ হাস্পতালত উত্তপ্ত পৰিস্থিতি

লগতে হাস্পতাল কৰ্তৃপক্ষই ডাঃ ইস্মিতা ভৌমিক প্ৰমাণপত্ৰৰো ক্ষতিসাধন কৰাৰ অভিযোগ উত্থাপন হৈছে । আনহাতে, ডাঃ সুমিত দাসে ডাঃ স্মিতা ভৌমিকৰ অভিযোগ খণ্ডন কৰিছে । তেওঁৰ মতে, ডাঃ স্মিতা ভৌমিকৰ বিৰুদ্ধে পূৰ্বৰে পৰা অভিযোগ উত্থাপিত হৈ আহিছে ।

সেয়ে, ডাঃ স্মিতা ভৌমিকৰ লগতে আন এজন চিকিৎসকক হাস্পতালখনৰ পৰা বিদায় দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল । আনহাতে, চিকিৎসকগৰাকীৰ কোনো সামগ্ৰী ক্ষতিগ্ৰস্ত কৰা হোৱা নাই বুলি কোৱাৰ লগতে সমস্ত দোষ তেওঁ চাফাই কৰ্মীৰ ওপৰত জাপি দিয়ে । ইফালে, ডাঃ সুমিত দাসৰ পত্নীক ডাঃ স্মিতা ভৌমিকে প্ৰহাৰ কৰাৰো অভিযোগ উত্থাপিত হৈছে । অৱশ্যে, আৰক্ষীৰ তদন্তৰ অন্ততহে সত্য পোহৰলৈ আহিব ।

লগতে পঢ়ক:Scam in PMGSY scheme at Titapani : তিতাপানী পঞ্চায়তৰ সভাপতি-সদস্যৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.