হোজাই, 27 নৱেম্বৰ : সুৰাৰ ৰাগীত মতলীয়া হৈ নিলম্বন হ'ল দুই কনিষ্টবল ৷ হোজাই আৰক্ষী থানাৰ দুই কনিষ্টবলে সুৰামত্ত হৈ উদ্ভণ্ডালি কৰাৰ বাবে হোজাই আৰক্ষী অধীক্ষকে নিলম্বন কৰিলে ৰতন চন্দ্ৰ পাল আৰু অপু শইকীয়া নামৰ দুই কনিষ্টবলক ৷ বৃহস্পতিবাৰে নিশা সুৰামত্ত হৈ দুই কনিষ্টবলে হোজাই চহৰত সৃষ্টি কৰিছিল অপ্ৰীতিকৰ পৰিস্থিতিৰ ৷
![as_hojai_Suspended_Two_Constables_10015](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-hojai-01-27nov-arokhi-photo-10015_27112020175335_2711f_1606479815_140.jpg)
তাৰ পাছতে সৰ্বত্ৰে গৰিহণাৰ সন্মুখীন হয় হোজাই জিলা আৰক্ষী ৷ সমগ্ৰ ঘটনাতো পোহৰলৈ অহাৰ পাছত জিলা আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেৱৰয়ৰ দেহৰক্ষী হিচাপে নিয়োজিত হৈ থকা দুই কনিষ্টবলক নিলম্বন কৰে জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে ৷
লগতে পঢ়ক: অখিল গগৈক মুক্তিৰ দাবীত টীয়কত কৃষক মুক্তিৰ অৱস্থান ধৰ্মঘট