ETV Bharat / state

Railway Officers Rest House ৰ বিশেষ প্ৰশিক্ষণ কৰ্মশালা শিবিৰ - লামডিং আঞ্চলিক বন বিভাগ

ৰে’লৰ খুন্দাত প্ৰায়ে বন্যহস্তীৰ মৃত্যু হয় । ৰে’ল বিভাগে সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যদিও এই মৃত্যু সম্পূৰ্ণ ৰোধ কৰিব পৰা নাই । সেয়ে এইবাৰ ৰে’লৰ চালক আৰু গাৰ্ডৰ বাবে লামডিং ডিভিজনত এক বিশেষ সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ।

awareness program
ৰেলৰ খুন্দাত হাতীৰ মৃত্যু ৰোধ কৰাৰ বাবে লামডিঙত বিশেষ সজাগতা সভা
author img

By

Published : Aug 31, 2021, 1:18 PM IST

হোজাই, ৩১ আগষ্ট : অসমত লাহে লাহে হস্তী-মানুহৰ সংঘাত বৃদ্ধি পাবলৈ ধৰিছে । খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা হাতী আৰু মানুহৰ সংঘাতৰ ফলত প্ৰতিবছৰে বহু লোকৰ মৃত্যু হোৱা দেখা যায় । সমান্তৰালকৈ একাংশ লোকৰ আক্ৰমণত বা দুৰ্ঘটনাত পতিত হৈ বন্যহস্তীৰো মৃত্যু হয় ।

ৰাজ্যখনত ৰে’লৰ খুন্দাত প্ৰায়ে বন্যহস্তীৰ মৃত্যু হয় । শেহতীয়াকৈ ৰে’লৰ খুন্দাত অসমত হাতীৰ মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাত ই সকলোৰে বাবে চিন্তাৰ অন্যতম কাৰণ হৈ পৰিছে । ইতিমধ্যে ৰে’ল বিভাগেও এই ক্ষেত্ৰত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে ।

awareness program
বিশেষ প্ৰশিক্ষণ কৰ্মশালা শিবিৰ

চলন্ত ৰে’লৰ খুন্দাৰ পৰা কেনেদৰে হাতীক ৰক্ষা কৰিব পাৰি তাৰ উদ্দেশ্যে লামডিঙত এক বিশেষ সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰা হয় । লামডিং আঞ্চলিক বন বিভাগ, ৱৰ্ল্ড ৱাইড ফাণ্ড (World Wide Fund), নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰে’লৱে লামডিং ডিভিজন (North East Frontier Railway Lumding Division) আৰু সামাজিক অনুষ্ঠান ঘৰোৱাৰ যৌথ উদ্যোগত ৰে’ল বিষয়াৰ ৰেষ্ট হাউচত (Lumding Railway Officers Rest House) এই সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰা হয় ।

এই কাৰ্যসূচীত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে পদ্মশ্ৰী বঁটা প্ৰাপ্ত ডা৹ কে কে শৰ্মা ৷ হাতী-মানুহৰ সংঘাত ৰোধ আৰু ৰে’ল লাইনত হাতীৰ মৃত্যুক কিদৰে হ্ৰাস কৰিব পাৰি, সেই উদ্দেশ্য আগত ৰাখিয়ে এই সজাগতামূলক কাৰ্যসূচী তথা প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হয় । ৰে’লৰ খুন্দাত হাতীৰ মৃত্যুৰ সংখ্যা হ্ৰাস কৰাৰ বাবে ৰেল চালকসকলক সজাগ কৰাৰ লগতে বিশেষভাৱে প্ৰশিক্ষণ প্ৰদান কৰা হয় ।

লগতে হস্তী-মানুহৰ সংঘাতৰ ফলত মৃত্যু হোৱা লোকৰ প্ৰতিও গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । ইফালে এই কাৰ্যসূচীত বন ধ্বংস ৰোধ কৰা আৰু হাতীৰ খাদ্য সম্ভাৰৰ ব্যৱসায় কৰাৰ পৰা ৰাইজক আঁতৰি থাকিবলৈও আহ্বান জনোৱা হয় । এই বিশেষ শিবিৰত লামডিঙৰ সামাজিক সংগঠন ঘৰোৱাৰ সদস্য, লামডিং বন বিভাগৰ উচ্চ পদস্থ বিষয়া, ৱৰ্ল্ড ৱাইড ফাণ্ড আৰু লামডিং ৰে’ল বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ লগতে চালক আৰু গাৰ্ডসকল উপস্থিত থাকে । এই অনুষ্ঠানত লামডিং আঞ্চলিক বন বিভাগে চলন্ত ৰে’লৰ পৰা হাতীৰ প্ৰাণ ৰক্ষা কৰা ৬ গৰাকী চালকক সম্বৰ্ধনা জনোৱা হয় ৷

লগতে পঢ়ক :অসম চিকিৎসা মহাবিদ্যালয়লৈ অইলৰ 40 কিল’লিটাৰৰ অক্সিজেন টেংক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.