ETV Bharat / state

হোজাইৰ পিছত এইবাৰ ধুবুৰীত 'আজমল চুপাৰ ৪০'ৰ বিশেষ প্ৰদক্ষেপ - ST

ধুবুৰী জিলাৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে 'চুপাৰ ক’চিং চেণ্টাৰ'ৰ সুবিধা প্ৰদান কৰিছে আজমল ফাউণ্ডেচনে (Ajmal Foundation) ৷ শুকুৰবাৰে ধুবুৰী আজমল কলেজত এখন সংবাদমেলযোগে এই কথা সদৰি কৰে ফাউণ্ডেচনৰ বিষয়ববীয়াসকলে ৷

Special launch of 'Ajmal Super 40' For Students in Dhubri District
হোজাইৰ পিছত এইবাৰ ধুবুৰীত 'আজমল চুপাৰ ৪০'ৰ বিশেষ প্ৰদক্ষেপ
author img

By

Published : Jul 16, 2021, 12:57 PM IST

ধুবুৰী, 16 জুলাই : হোজাইত আৰম্ভ কৰা 'আজমল চুপাৰ ৪০' য়ে অভূতপূৰ্ব সাফল্য লাভ কৰাৰ পিছত এইবাৰ নামনি অসমৰ ধুবুৰী জিলাৰ ছাত্ৰ-ছাত্ৰীসকলৰ আজমল ফাউণ্ডেচনে (Ajmal Foundation) আনিছে সুখবৰ । ধুবুৰী জিলাতো আৰম্ভ হ'ব আজমল চুপাৰ ৪০ ৰ ক’চিং চেণ্টাৰ । শুকুৰবাৰে ধুবুৰী আজমল কলেজত আজমল ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত হোৱা এক সংবাদমেলত এই কথা সদৰি কৰে আজমল ফাউণ্ডেচনৰ জেনেৰেল মেনেজাৰ সহ কেইবাজনো শীৰ্ষ বিষয়ববীয়াই ।

ইপিনে আজমল চুপাৰ ৪০ ত নাম ভৰ্তি কৰা দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিশেষ ৰেহাইৰ ব্যৱস্থা থকাৰ কথা উল্লেখ কৰে ৷ দৰিদ্ৰ সীমাৰেখাৰ তলৰ মেধাবী ছাত্ৰ ছাত্ৰীক সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰশিক্ষণ দিয়াৰ বিপৰীতে এছ.চি (SC) আৰু এছ.টি (ST) তথা অনাথ ছাত্ৰ-ছাত্ৰীৰ বাবে 50 শতাংশ ৰেহাইৰ কথা ঘোষণা কৰে । আনহাতে, হোজাইৰ সমানে ধুবুৰীৰ যিকোনো উচ্চতৰ মাধ্যমিকত অধ্যয়নৰত তথা মেডিকেল আৰু ইঞ্জিয়াৰিঙৰ বাবে হেঁপাহ থকা একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবেই এটি সুখবৰ বুলিও দাবী কৰে আজমল ফাউণ্ডেচনৰ বিষয়ববীয়াসকলে ।

হোজাইৰ পিছত এইবাৰ ধুবুৰীত 'আজমল চুপাৰ ৪০'ৰ বিশেষ প্ৰদক্ষেপ

'আজমল চুপাৰ ৪০' (Ajmal super 40)ৰ ব্যৱস্থাপনাত এতিয়াৰে পৰা হােজাইৰ দুটা কেন্দ্রৰ লগতে ধুবুৰী আজমল কলেজত দুয়ােটা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে অতিৰিক্ত পাঠদানৰ সুযােগ লাভ কৰিব । সংশ্লিষ্ট শিক্ষানুষ্ঠানৰ নিয়মীয়া পাঠদান সমাপ্তিৰ পিছত উক্ত অতিৰিক্ত পাঠদান আগবঢ়োৱা হ'ব, য'ত অন্যান্য কলেজৰ মেডিকেল আৰু ইঞ্জিনিয়াৰিং পঢ়িব খােজা ছাত্র-ছাত্রীয়ে কম খৰচতে, এই সুযােগ গ্রহণ কৰিব পাৰিব । সুদক্ষ প্ৰশিক্ষকৰ জৰিয়তে ধুবুৰীৰ আজমল চুপাৰ কচিং চেণ্টাৰত প্ৰশিক্ষণ দিয়া হ'ব বুলি সংবাদমেলত সদৰি কৰে ।

একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে পদার্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু উদ্ভিদ বিদ্যা (PCB) অথবা পদার্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু অংক (PCM) বিষয়বােৰৰ পাঠদান দিয়া হ'ব বুলি সংবাদমেলত ঘোষণা কৰা হয় । সংবাদমেলত আজমল ফাউণ্ডেচনৰ জেনেৰেল মেনেজাৰ ড৹ এম আৰ এইচ আজাদ, প্ৰকল্প প্ৰধান আব্দুল কাদেৰ, আজমল ফাউণ্ডেচনৰ ধুবুৰী শাখাৰ দায়িত্বত থকা ভাৰপ্ৰাপ্ত বিষয়া আব্দুৰ ৰহিম, গৌৰীপুৰ আজমল কলেজৰ অধ্যক্ষ স্বাইখুল ইছলামকে ধৰি আন কেইবাখনো আজমল কলেজৰ অধ্যক্ষসকল উপস্থিত থাকে।

লগতে পঢ়ক-বিত্তমন্ত্ৰী অজন্তা নেওগে আজি সদনত দাখিল কৰিব বাজেট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.