ETV Bharat / state

হোজাইত বন বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ - হোজাই জিলা

হোজাইত ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ ৷ চোৰাং কাঠৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ কৰাৰ পিচতে বন বিভাগৰ বিশেষ তৎপৰতা ৷ দেওবাৰে নিশা বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ ৷

Smuggled timber logs worth Rs 40 thousands seized in Hojai
হোজাইত বন বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ
author img

By

Published : Aug 24, 2020, 10:47 AM IST

হোজাই, 24 আগষ্ট : ৰাজ্যত COVID-19 ৰ ত্ৰাস অব্যাহত থকাৰ সময়তে হোজাই জিলাত বন বিভাগৰ অভিযানত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হৈছে ৷ নখুটী বন বিভাগৰ তহলদাৰীত দেওবাৰে জব্দ কৰিবলৈ সক্ষম হৈছে চাইকেলৰে চোৰাং কাঠ সৰবৰাহ কৰা এজন লোকক ৷ বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, জব্দকৃত কাঠখিনিৰ বজাৰ মুল্য প্ৰায় 30 ৰ পৰা 40 হাজাৰ টকা ৷

আনহাতে, বন বিভাগে আটক কৰা লোকজনৰ পৰিচয় ৰহিবুল আহমেদ বুলি জানিব পৰা গৈছে ৷ বৰ্তমান ৰহিবুল আহমেদক নখুটি বন বিভাগৰ কাৰ্যালয়ত ৰখা হৈছে আৰু অধিক তথ্যৰ বাবে ব্যক্তি গৰাকীৰ সোধ-পোছ অব্যাহত ৰাখিছে ৷ ইফালে, বিভাগীয় নীতি-নিয়ম অনুসৰি, আটকাধীন ৰহিবুলৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও নখুটী বন বিষয়াই জানিব দিয়ে ।

হোজাইত বন বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ

উল্লেখ্য যে, হোজাই জিলাত চোৰাং কাঠৰ বিৰুদ্ধে 19 আগষ্টত ইটিভি ভাৰতত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিচতে বন বিভাগৰ এই তৎপৰতা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : গাঁঠিৰ ধন ভাঙি অৱসৰপ্ৰাপ্ত অধ্যক্ষই নিৰ্মান কৰিলে পদপথ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.