হোজাই, ৩০ জুলাই : শেহতীয়াকৈ ৰাজ্যত জেহাদীৰ কাৰ্যকলাপৰ বহু তথ্য পোহৰলৈ আহিছে । মৰিগাঁৱৰ মাদ্ৰাছাৰ পৰা কেনেদৰে জেহাদীৰ কাৰ্যকলাপ চলি আছিল সেয়াও আৰক্ষীৰ অভিযানত পোহৰলৈ আহিছে । লগে লগে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এইবাৰ জেহাদীৰ কাৰ্যকলাপ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন বিধায়ক তথা বিজেপি নেতা শিলাদিত্য দেৱে (Siladitya Dev on Jihadi Activity)।
তেওঁ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক টাৰ্গেট কৰি কয় যে মাদ্ৰাছাতকৈও বিধায়কগৰাকীৰ ওপৰতহে নজৰ ৰাখিব লাগে (Siladitya slams Dhing MLA Aminul Islam)। আনহাতে জেহাদীক হত্যাকাৰীৰ দৰেই শাস্তি প্ৰদানৰ বাবে বিহিত ব্যৱস্থা ল'ব লাগে । তেওঁৰ মতে চৰকাৰী ধনেৰে জেলত সেইসকলক খুৱাই লাভ নাই ।
তেওঁৰ মতে অসম তথা কাষৰীয়া ৰাজ্যসমূহত লগতে বহিঃৰাষ্ট্ৰসমূহত মাদ্ৰাছাৰ পৰাই জেহাদীৰ প্ৰশিক্ষণ চলি আছে । তেওঁৰ মতে অসম এতিয়া জেহাদীৰ এক অগ্নেয়গিৰি স্বৰূপ হৈ পৰিছে । যেতিয়া ই ফাটি যাব অসমক বিচাৰি উলিওৱা কঠিন হ'ব । শিলাদিত্য দেৱৰ মতে অসমে বাংলাদেশী মুছলমানৰ উপদ্ৰৱৰ সন্মুখীন হ'বলগীয়া হৈছে (Siladitya Dev on Bangladeshi Muslim)।
ইফালে ভাৰতবৰ্ষ বা বাংলাদেশৰ মুছলমানসকলে কোৰাণ নপঢ়ে, তেওঁলোকে পঢ়ে হদিছ । কথাৰ প্ৰসংগত শিলাদিত্য দেৱে অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ দি কয় যে তেওঁ ভাল কাম কৰিছে মাদ্ৰাছাসমূহ বন্ধ কৰি চৰকাৰী বিদ্যালয়লৈ ৰূপান্তৰিত কৰি । শিলাদিত্যৰ মতে মুছলমান লোকসকলে তালিম এইটো কাৰণত লয় কাৰণ তেওঁলোক ভাৰতবৰ্ষৰ বিপৰীতে যাব বিচাৰে, ভাৰতীয় সভ্যতাৰ বিপৰীতে যাব বিচাৰে । হিন্দু ধৰ্মক তাচিল্য কৰাই মুছলমানসকলৰ উদ্দেশ্য বুলি বিস্ফোৰক মন্তব্য কৰে শিলাদিত্য দেৱে ।
ইফালে ধিঙৰ বিধায়ক আমিনুল ইছলামক লক্ষ্য কৰি কয় যে তেওঁৰ নিচিনা মানুহে জেহাদীক মৰম চেনেহ, পইচা পাতি দি আগবঢ়াই আছে । তেওঁৰ পোছাক দেখিলে চেকুলাৰ মানুহ যেন লাগে নে বুলিও প্ৰশ্ন কৰে শিলাদিত্য দেৱে । ভাৰতবৰ্ষৰ পৰাই দুখন ইছলামীক ৰাষ্ট্ৰ জন্ম হৈছে ৷ ইয়াতকৈ দুখৰ কথা আৰু কি হ'ব পাৰে বুলিও প্ৰশ্ন কৰে বিজেপি বিধায়কগৰাকীয়ে । কেৱল এয়াই নহয় ইছলাম ধৰ্ম সন্দৰ্ভত কেইবাটাও বিতৰ্কিত মন্তব্য কৰে শিলাদিত্য দেৱে ।
লগতে পঢ়ক:Assam CM on Jihadist activities: চুবুৰীয়া বাংলাদেশৰ বাবেই অসমত বাঢ়িছে জেহাদীৰ কাৰ্যকলাপ