হোজাই,16 আগষ্টঃ সতীৰ্থ মন্ত্ৰী পিয়ুষ হাজৰিকাই হিমন্ত বিশ্ব শৰ্মাৰ আগন্তোক দিনত মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা আছে বুলি উল্লেখ কৰিছিল। দেওৱাৰে উক্ত মন্তব্যৰ প্ৰসংগত হোজাই বিধায়ক শিলাদিত্য দেৱে মন্তব্য কৰি কয় যে, বিজেপিত যোগ্য মানুহকেই দায়িত্ব দিয়া হয় ৷ বিজেপিত প্ৰতিজন মানুহৰেই দায়িত্ব লোৱাৰ যোগ্যতা আছে ৷ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ধুনীয়া কাম কৰি গৈ আছে , তেঁওৰ লগত লক্ষ্মণৰ নিচিনাকৈ হিমন্ত বিশ্ব শৰ্মাই কাম কৰি গৈ আছে ৷ আমি যেতিয়া মুখ্যমন্ত্ৰী, বিত্ত মন্ত্ৰীক একেলগে দেখা পাওঁ এনে লাগে যে ৰাম-লক্ষ্মণে একেলগে কাম কৰি গৈ আছে ৷
আনহাতে ৰাজনৈতি দল খোলাৰ প্ৰসংগত বিধায়ক শিলাদিত্য দেৱে মন্তব্য প্ৰকাশ কৰে যে, অসমত ৰাজনৈতিক দল আৰু প্ৰৰ্টেল খোলাৰ উজান উঠিছে ৷ এই ক্ষেএত কাকো নোৱাৰি বুলি দেওৱাৰে লংকা ৰেল ষ্টেচনত থকা দুখীয়া দৰিদ্ৰ লোকসকলক দুপৰীয়া এসাজ ভাত বিতৰণ কৰিবলৈ আহি এনেদৰে কয় ৷ লগতে দুখীয়া দৰিদ্ৰ লোকসকলৰ মাজত কাপোৰো বিতৰণ কৰে বিধায়ক গৰাকীয়ে ৷

উল্লেখ্য যে, লংকা টাউন মণ্ডলে বিগত লক্ ডাউনৰ সময়ছোৱাৰ পৰা লংকা ৰেল ষ্টেচনত থকা দুখীয়া নিচলা লোক সকলক বিতৰণ কৰি আহিছিল দিনটোত দুবাৰকৈ আহাৰ । উক্ত অনুষ্ঠানত বিধায়ক গৰাকীৰ লগত উপস্থিত আছিল লংকা বিজেপি টাউন মণ্ডলৰ কৰ্ম-কৰ্তা, লংকা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু বিজেপি কৃষাণ মৰ্চাৰ নেতা সত্য ৰঞ্জন বৰা ৷
লগতে পঢ়কঃ অন্ধবিশ্বাসঃ মৃত মহিলাক জীয়াই তুলিবলৈ বেজৰ 18 ঘণ্টীয়া তন্ত্ৰ-মন্ত্ৰ