হোজাই,25মেঃ বহি:ৰাজ্য মুম্বাইৰ পৰা শ্ৰমিক ৰেলত আহি থকা লোকৰ মাজত খাদ্যৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ লক ডাউনৰ পূৰ্বে বহি:ৰাজ্যত আবদ্ধ হৈ থকা লোকক প্ৰতিদিনেই ৰেলৰ জৰিয়তে আনি থকা হৈছে অসমলৈ ৷ দেওবাৰে নিশা মুম্বাইৰ পৰা ৰেলৰ জৰিয়তে অসমৰ দিশে আহি থকা শ্ৰমিক ৰেলখনত খাদ্যৰ বাবে যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিবেশৰ সৃষ্টি হয় ৷
কিছু লোক খাদ্যৰ অভাৱত শাৰীৰিক অসুস্থতাটো ভুগিব লগা হৈছে ৷ ইপিনে যোৱা নিশা ৮ বজাৰ পৰা বৰ্তমানলৈকৈ খাবলৈ পোৱা নাই ৰেলৰ যাত্ৰীসকলে ৷ উক্ত ৰেলখনত অসমৰ বিভিন্ন জিলাৰ লোক থকাৰ লগতে আছে হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ লোকো আছিল ৷ এফালে ৰমজান মাহৰ ৰোজা আৰু আনফালে এনেদৰে ৰেলত খাবলৈ নোপোৱাত সামাজিক মাধ্যমৰ জৰিয়তে ভিডিঅ' পঠাই চৰকাৰৰ পৰা সহায় বিচাৰিছে ৰেলৰ যাত্ৰীসকলে ৷
লগতে পঢ়কঃ সুদূৰ বিহাৰৰ পৰা থেলা-ৰিক্সাত অসম পালেহি এটা পৰিয়াল