ETV Bharat / state

বিজেপি ত্যাগ কৰিব শিলাদিত্য দেৱে

author img

By

Published : Mar 10, 2021, 4:02 PM IST

অৱশেষত বিজেপিৰ শীৰ্ষ নেতৃত্বই পাখি কাটিলে বিজেপিৰ বহুবল্কী বিধায়ক শিলাদিত্য দেৱৰ । হোজাই বিধানসভা সমষ্টিৰ পৰা বিজেপিয়ে শিলাদিত্য দেৱৰ পৰিৱৰ্তে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে ৰামকৃষ্ণ ঘোষক ৷

বিজেপি ত্যাগ কৰিব শিলাদিত্য দেৱে
বিজেপি ত্যাগ কৰিব শিলাদিত্য দেৱে

হোজাই,10 মাৰ্চঃ দলত্যাগ কৰিব হোজাইৰ বিজেপি বিধায়ক শিলাদিত্য দেৱে । গুৱাহাটীৰ বিজেপি মূখ্য কাৰ্যালয়ত বুধবাৰে বিয়লি দাখিল কৰিব পদত্যাগ পত্ৰ । পদত্যাগ সৰ্ন্দভত শিলাদিত্যই কয় যে, মোনা লোৱা মানুহজনৰ কথা কোৱা বাবে মোক বিজেপিয়ে টিকটৰ পৰা বঞ্চিত কৰিছে বুলি মই নাভাবো । এতিয়া বিজেপিত পুৰণি নীতি-আদৰ্শ নাই । বিজেপিয়ে মোক ধৰি বহু কেইজনক ৰাজনৈতিকভাৱে হত্যা কৰিছে । লংকাৰ জোৰাপুখুৰীস্থিত নিজ বাসগৃহত সংবাদমেল যোগে এই মন্তব্য কৰে শিলাদিত্য দেৱে । একেদৰে শিলাদিত্য দেৱৰ সমৰ্থকে ক্ষোভিত হৈ বিজেপিৰ দলীয় প’ষ্টাৰ বেনাৰ আদি ফালি লণ্ড-ভণ্ড কৰে ।

বিজেপি ত্যাগ কৰিব শিলাদিত্য দেৱে

উল্লেখযোগ্য যে, অৱশেষত বিজেপিৰ শীৰ্ষ নেতৃত্বই পাখি কাটিলে বিজেপিৰ বহুবল্কী বিধায়ক শিলাদিত্য দেৱৰ । হোজাই বিধানসভা সমষ্টিৰ পৰা বিজেপিয়ে শিলাদিত্য দেৱৰ পৰিৱৰ্তে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে ৰামকৃষ্ণ ঘোষক ৷ বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই আজি দিল্লীত ঘোষণা কৰে তিনিজনীয়া এখন প্ৰাৰ্থী তালিকা । সেই অনুসৰি হোজাইত ৰামকৃষ্ণ ঘোষক, হাইলাকান্দিত মিলন দাসক আৰু ছিপাঝাৰত ড৹ পৰমানন্দ ৰাজবংশীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বিজেপিয়ে ৷

মন কৰিবলগীয়া যে, সময়ে সময়ে বিভিন্ন বিতৰ্কিত মন্তব্য কৰি অহা বিধায়ক শিলাদিত্য দেৱে শেহতীয়াকৈ দলৰ প্ৰভাৱশালী শীৰ্ষ নেতা ফণী শৰ্মাৰ বিৰুদ্ধে কেতবোৰ মন্তব্য ৰাজহুৱাকৈ প্ৰকাশ কৰি দলৰ মজিয়াত ধুমুহাৰ সৃষ্টি কৰিছিল ।

লগতে পঢ়কঃ পাখি কটা গ’ল বহুবল্কী বিধায়ক শিলাদিত্য দেৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.